দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ : বিজেপিত যোগদান কংগ্ৰেছ নেতা বিভূতি ভূষণ বৰঠাকুৰৰ

bibhuti Barthakur

বিভূতি ভূষণ বৰঠাকুৰ।

লোকসভা নির্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আভ্যন্তৰীণ কন্দল স্পষ্ট হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত । আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ  প্ৰাক্তন সম্পাদক তথা লোকসভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিতিয়ে গঠন কৰি দিয়া মিডিয়া কোষৰ সমন্বয়ৰক্ষী কমিতিৰ সম্পাদক বিভূতি ভূষণ বৰঠাকুৰে।

আনহাতে, বিজেপিত যোগদান কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত বৰঠাকুৰে লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মাজত হোৱা গোপন বুজাবুজিৰ কথাত অসন্তুষ্ট হৈ তেওঁ কংগ্ৰেছ ত্যাগ কৰে বুলি উল্লেখ কৰে। নগাঁও আৰু কলিয়াবৰত এ আই য়ু ডি এফে প্ৰাৰ্থী নিদিয়াৰ পাছত ধুবুৰীতো আবু তাহেৰ বেপাৰীক টিকত দি কংগ্ৰেছে দলটোৰ সৈতে মিতিৰালি পাতিছে বুলি তেওঁ অভিযোগ কৰি একমাত্ৰ কেইজনমান নেতাৰ বিৰোধিতাৰ বাবে বৰপেটাত কংগ্ৰেছে আব্দুল খালেকক টিকত দিছে বুলি মন্তব্য কৰে।

বৰঠাকুৰে লগতে কয় যে তেওঁ বাৰম্বাৰ কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতাৰ বিৰোধিতা কৰি আহিছিল কাৰণ এই মিত্ৰতাই অসমীয়া জনসাধাৰণৰ মাজত কংগ্ৰেছৰ প্ৰতি থকা সমৰ্থন হ্ৰাস কৰিব কিন্তু কংগ্ৰেছ নেতৃত্বই এই কথা নুবুজাৰ বাবে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হ’ল।

উল্লেখযোগ্য যে, বিগত ২৭ মাৰ্চত বৰঠাকুৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ পত্ৰ লিখি দলীয় দায়িত্বৰ পৰা অব্যাহতি লৈছিল। আজি বৰঠাকুৰৰ লগতে কংগ্ৰেছ নেতা নেত্ৰৰঞ্জন মহন্তয়ো বিজেপিত যোগদান কৰে।