NORTHEAST NOW (Assamese)

এন আৰ চি, নদীবান্ধ, স্বচ্ছ ভাৰত, যোগ দিৱস, প্ৰতিটো বিষয়ত বিজেপিক কঠোৰ সমালোচনাৰে তৰুণ গগৈৰ সংবাদমেল

June 21, 2019 5:50 pm · কল্পজ্যোতি শইকীয়া
Updated: June 21, 2019 5:51 pm
তৰুণ গগৈৰ সংবাদমেল। ফটো-নৰ্থ-ইষ্ট নাও

আজি অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদ মেল আয়োজন কৰি বিভিন্ন প্ৰসংগ উত্থাপনেৰে বিজেপিক তীব্ৰ সমালোচনা কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি গগৈয়ে কালি ৰাষ্ট্ৰপতিয়ে ভাষণত বিধেয়কৰ প্ৰসংগ উত্থাপন কৰাৰ দিশটো আঙুলিয়াই দি কয় অসমৰ ৰাইজে নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছে কিন্তু তেওঁলোকে বিধেয়কৰ কথাত বিজেপিক সমৰ্থন কৰা নাই যদিহে বিজেপিয়ে তেনেদৰে ভাবিছে তেওঁলোকে ভূল ভাবিছে।

নাগৰিকত্ব বিধায়কৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয় যে চৰকাৰে অসমৰ সকলো ৰাইজৰ লগত বিধেয়কখন সন্দৰ্ভত আলাপ-আলোচনা কৰিব লাগে। তেওঁ এই বিধেয়কখন অসমৰ ভাষা-সংস্কৃতিৰ বাবে সহায়ক হ’ব বুলি নাভাবে বুলি উল্লেখ কৰি অসমৰ বঙালী সম্প্ৰদায়ৰ  লোকৰো বিধেয়কখনৰ দ্বাৰা কোনোধৰণৰ লাভ নহয় বুলি মন্তব্য কৰে। তাৰোপৰি ধৰ্মীয় নিৰ্যাতন হোৱাৰ উদাহৰণ ওচৰ চুবুৰীয়া দেশত নাই এনেই নিৰ্যাতনৰ বলি হৈ যদি আহিব বিচাৰে তেন্তে আহিব দিব লাগে তাৰ বাবে বিধেয়কৰ কি দৰকাৰ বুলি প্ৰশ্ন কৰে অসমৰ তিনিবাৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বেয়া ফলাফল সন্দৰ্ভত মন্তব্য কৰি গগৈয়ে তেওঁলোকে যিবোৰ ইচ্ছ্যু মানুহৰ মাজলৈ লৈ যাব লাগিছিল সেইবোৰ ইচ্ছ্যু লৈ যাব নোৱাৰাৰ বাবে ফেইল কৰা বুলি কয়।

আনহাতে, এন আৰ চিৰ প্ৰসংগ উল্লেখ কৰি তৰুণ গগৈয়ে কয় যে এন আৰ চি অনুপ্ৰৱেশকাৰীৰ বাবে নহয় অসমত থকা বিদেশী চিনাক্তকৰণৰ বাবেহে কৰা হৈছিল। অসমৰ সকলো ৰাইজৰ মনত বৰ্তমান এটাই সন্দেহ যে এইখন এন আৰ চি কেতিয়াও শুদ্ধ এন আৰ চি নহ’ব।

তদুপৰি, গগৈয়ে এন আৰ চি প্ৰকাশ পোৱাৰ পাছত আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে। তেওঁ এই ক্ষেত্ৰত গৃহ মন্ত্ৰীকো সাক্ষাৎ কৰিব বুলি মত প্ৰকাশ কৰি কয় যে এই ক্ষেত্ৰত ভোটাৰ তালিকাই প্ৰথম স্থান পাব লাগিব। ভোটাৰ তালিকাত নাম আহিব আৰু এন আৰ চিত নাম নাথাকিব এইটো কেনেধৰণৰ কথা বুলি গগৈয়ে উল্লেখ কৰে।

অসমৰ বৰ্তমানৰ ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি গগৈয়ে বৰ্তমানৰ চৰকাৰখনে বিদেশী সমস্যাটো জীয়াই ৰাখিব বিচাৰিছে বুলি কয়। তেওঁ কয় সকলোৱে কংগ্ৰেছক দোষ দিয়ে কিন্তু আমিয়ে ভোটাৰ পৰিচয় পত্ৰ দিছিলো, এন আৰ চিৰ কামো আমিয়ে প্ৰথম আৰম্ভ কৰিছিলো কিন্তু বৰ্তমান চৰকাৰে এন আৰ চিৰ কাম ভালদৰে পৰিচালনা কৰিব পৰা নাই। দিটেনশ্যন কেম্পত এতিয়া মুছলমানতকৈ হিন্দুৰ সংখ্যাহে বেছি হৈছে বুলিও বিস্ফোৰক মন্তব্য কৰে গগৈয়ে।

আকৌ স্বচ্ছ ভাৰতৰ প্ৰসংগলৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি গগৈয়ে কয় তেওঁলোকে স্বচ্ছ ভাৰতৰ কথা কৈ আছে গুৱাহাটী চহৰখন স্বচ্ছ হৈছেনে? ভাৰতৰ স্বচ্ছ ভাৰত কেবল শ্লোগানতে সীমাবদ্ধ হৈ আছে। বিজেপি এটা সুবিধাবাদী দল। আমাতকৈ ভাল কাম কৰাৰ বাবে ৰাইজে বিজেপিক ভোট দিছিল কিন্তু এতিয়া তেওঁলোকে ক’ত কি ভালকাম কৰিছে বুলিও গগৈয়ে কটাক্ষ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি মোদীয়ে কয় মোদীয়ে গামোচালৈ অসমীয়া মানুহক বুৰ্বক বনাইছে। সৰ্বানন্দ সোণোৱালে লিখি দিয়া ভাষণ অসমীয়াত মোদীয়ে গাই দিয়ে তেওঁ ক’ত লাচিত বৰফুকনক চিনি পায় বুলি গগৈয়ে সমালোচনা কৰে।বিজেপিয়ে যোগটো ৰাজনীতি কৰিছে মানুহক দেখুৱাবলৈহে যোগ কৰিছে বুলি তেওঁ কয়।

তাৰোপৰি, তৰুণ গগৈয়ে সংবাদ মেলত ৰাষ্ট্ৰীয় ঘাইপথ, শিক্ষকৰ দুৰবস্থাৰ প্ৰসংগলৈও বিজেপিক সমালোচনা কৰি কয় ৰাজ্যত শিক্ষকৰ অৱস্থা খুব বেয়া। বহু পদ খালী হৈ আছে তেনে শিক্ষ ব্যৱস্থাত ল’ৰা-ছোৱালীৰ ভবিষ্যত কি হ’ব বুলিও তেওঁ প্ৰশ্ন কৰে। ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া পথ গুচি পুখুৰী হ’ল। নতুন পথ বেলেগ কথা পুৰণি কেইটাও বিজেপিয়ে মেৰামতি কৰিব নোৱাৰিলে, তেওঁলোকে ব্ৰহ্মপুত্ৰ নাখান্দিলে, যোৰহাটলৈ যোৱা বিমান চলাচল বন্ধ হ’ল বুলি চৰকাৰক কটু সমালোচনা কৰে গগৈয়ে।

বিজেপিয়ে বেলেগ বেলেগ বিশ্ববিদ্যালয় মুকলি কৰি আছে কিন্তু তিনি বছৰ হৈ যোৱাৰ পাছত মহিলা বিশ্ববিদ্যালয়ত উপাচাৰ্য্য দিবলৈ চৰকাৰ সক্ষম হোৱা নাই নে মই কৰা বাবে উপাচাৰ্য্য নিদিয়ে বুলি তেওঁ প্ৰশ্ন কৰে। চৰকাৰৰ যদি সৎভাৱ আছে জ্যোতি-বিষ্ণু সাংস্কৃতিক বিশ্ববিদ্যালয় কিয় নকৰে বুলি গগৈয়ে প্ৰশ্ন কৰে।

সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ঘৰত সূতা উদ্ধাৰ হোৱাক লৈ গগৈয়ে কয় সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ঘৰত সূতা ক’ৰ পৰা আহিল? আমাক তেওঁলোকে গালি দিয়ে আমি সূতা দিও বুলি হয় আমাৰ চৰকাৰ আহিলে আমি আকৌ সূতা দিম, সূতা নিদিলে শিপিনী কেনেদৰে উপকৃত হ’ব বুলি তেওঁ প্ৰশ্ন কৰে।

বৰ্তমানৰ চৰকাৰে কোনোধৰণৰ গৱেষণা নোহোৱাকৈ নদীবান্ধ নিৰ্মান কৰি আছে বুলি মন্তব্য কৰি গগৈয়ে কয় আমি নদীবান্ধ নিৰ্মান কৰিছিলো কিন্তু আমি গৱেষক কমিটিৰ সৈতে আলোচনা কৰিহে এই কাম কৰিলোঁহেতেন।

অসম গণ পৰিষদৰ কথা উল্লেখ কৰি গগৈয়ে কয় অগপই অসমৰ মানুহক ৰামঠগন দিব। এতিয়া অগপ ক’ত আছে বুলি তেওঁ প্ৰশ্ন কৰি অগপ বৰ্তমান বিজেপিৰ ছাঁত চলি আছে আৰু কেইদিনমান পাছতে তেওঁলোকৰ শ্মশান যাত্ৰা আৰম্ভ হ’ব বুলি গগৈয়ে কয়।

Related News