অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা আফজালুৰ ৰহমানৰ মৃত্যু

BS6-Royal-Enfield-Bullet

কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ বিয়োগ ঘটিছে । জলেশ্বৰত থকা তেখেতৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।

যোৱা নিশা প্ৰায় দুই বজাত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।

১৯৪৪ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰি ১৯৭৪ চনত আঞ্চলিক সদস্য নিৰ্বাচিত হৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল ।

১৯৭৮ চনত জলেশ্বৰ সমষ্টিৰ পৰা প্ৰথম বিধায়ক নিৰ্বাচিত হৈছিল ।

১৯৭৮ চনত সাংসদীয় সচিব আছিল । তেখেতে ৰাজনীতিৰ লগতে আছিল এগৰাকী অক্লান্ত সমাজ সংস্কাৰক ।

তেখেতে অবিৰতভাৱে জলেশ্বৰ সমষ্টিৰ ৬বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ।

১৯৯১ চনত প্ৰয়াত মূখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া চৰকাৰৰ আমোলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী আছিল । তেখেতে ৰাজনীতিৰ উপৰিও শিক্ষাৰ প্ৰতি অতিকৈ গুৰুত্ব আৰোপ কৰিছিল ।

তেখেতে দূৰ্গম অঞ্চলটোত কেইবাটাও শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিছিল তাৰে ভিতৰত “জলেশ্বৰ তপোবন কলেজ আৰু জলেশ্বৰ উঃ মাঃ বিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিছিল ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৮ বছৰ । বৰ্তমানে তেখেতৰ দুই পুত্ৰ খুৰ্শীদ মিৰ্জা আশিকুৰ ৰহমান আৰু খুৰ্শিদ মিৰ্জা আৰ্শাদুৰ ৰহমানৰ লগতে কেইবা গৰাকী নাতি নাতিনী এৰি থৈ গৈছে ।