NORTHEAST NOW (Assamese)

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি! প্ৰাক্তন বিধায়কক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

May 31, 2025 11:48 am · এন ই নাও নিউজ, নতুন দিল্লী

বিধায়ক হিচাপে তেওঁৰ দাবী পূৰণ নোহোৱাৰ বাবে সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি দিছিল। এনে গোচৰত দিল্লী আদালতে প্ৰাক্তন বিধায়কগৰাকীক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। এই গোচৰত বিশেষ ন্যায়াধীশ বিকাশ ধূলে কয়, ‘সংসদ ভাৰতীয় গণতন্ত্ৰৰ মন্দিৰ। তাত এনে ভাবুকিমূলক পত্ৰ আৰু সন্দেহজনক সামগ্ৰী প্ৰেৰণ কৰাটো নিন্দনীয় কাৰ্য্য আৰু শাস্তিযোগ্য অপৰাধ।’

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ বাবে শাস্তিৰ সন্মুখীন হৈছে মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক কিশোৰ সমৃত। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত আদালতে তেওঁক ডাইনামাইটেৰে সংসদ উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ অপৰাধত ছমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

আনহাতে, ন্যায়াধীশগৰাকীয়ে তেওঁক কঠোৰ ধমক দি কয়, ‘জনসাধাৰণৰ স্বাৰ্থত সংসদত তেওঁলোকৰ দাবী উত্থাপন কৰা হয় আৰু জাতীয় স্বাৰ্থৰ সৈতে সংহতিৰে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হয়। দেশৰ গণতন্ত্ৰৰ মন্দিৰৰ প্ৰতি এনে ভাবুকি আহিলে উপযুক্ত শাস্তিৰ প্ৰয়োজন।’

ইয়াতেই শেষ নহয়, ন্যায়াধীশগৰাকীয়ে কয়, ‘এয়া অতি লজ্জাজনক আৰু লক্ষণীয় যে দোষীজন কেৱল এজন সাধাৰণ নাগৰিক নহয়, বৰঞ্চ মধ্যপ্ৰদেশৰ বালাঘাট জিলাৰ লঞ্জীৰ এজন প্ৰাক্তন বিধায়ক। এনে আচৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰী নীতিৰ বিৰুদ্ধে মতানৈক্য প্ৰকাশ কৰিবলৈ সমৃতৰ দৰে আন লোকেও এই পথ অনুসৰণ কৰাৰ সম্ভাৱনা আছে।’ কাৰাদণ্ডৰ উপৰিও ন্যায়াধীশগৰাকীয়ে সমৃতৰ বিৰুদ্ধে ৫০ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰে।

প্ৰসংগক্ৰমে ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত স্পীড পোষ্টৰ জৰিয়তে সংসদ ভৱনত উপস্থিত হৈছিল এটা পাৰ্চেল। য’ত বিস্ফোৰক, ভাৰতীয় পতাকা আৰু সংবিধানৰ প্ৰতিলিপি আদি কিছুমান সন্দেহজনক পদাৰ্থ আছিল। বালাঘাটৰ লঞ্জীৰ প্ৰাক্তন বিধায়ক সমৃতেই এই চিঠি প্ৰেৰণ কৰে। য’ত সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। যিটোক জুই লগাই দি সা-সম্পত্তি ধ্বংস কৰাৰ ভাবুকি হিচাপে গণ্য কৰা হয়। ফলত কিশোৰ সমৃতক দোষী সাব্যস্ত কৰি আই পি চিৰ ৫০৬ নং ধাৰাৰ দ্বিতীয় অংশৰ অধীনত শাস্তি প্ৰদান কৰা হয়।

Related News