বঙাইগাঁৱৰ বিশিষ্ট শিক্ষাবিদ,বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত ৰায়ৰ মৃত্যু

birrr

বঙাইগাঁৱৰ বিশিষ্ট সমাজকৰ্মী ,শিক্ষাবিদ, ক্ৰীড়াবিদ তথা বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষ্মীকান্ত ৰায়ৰ শনিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৪ বছৰ হৈছিল ৷ উল্লেখ্য যে যোৱা দেওবাৰে নিশা ৮ মান বজাত চহৰখনৰ কনকলতা পথস্থিত নিজ গৃহত ব্ৰেইন ষ্ট্ৰোকত আক্ৰান্ত হোৱাত লগে লগে তেওঁক উত্তৰ বঙাইগাঁৱৰ এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্তি কৰা হয় ৷

কিন্তু পিছদিনা উন্নত চিকিৎসাৰ বাবে নিশাৰ ভাগত গুৱাহাটীৰ জিএনআৰচিলৈ নিয়ে ৷ ইয়াতে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় ৷

বঙাইগাঁৱৰ ধলাগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত লক্ষ্মীকান্ত ৰায় বঙাইগাঁৱৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, ধৰ্মীয়, শৈক্ষিক, ক্ৰীড়া আদি অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকাৰ লগতে স্থাপনৰ ক্ষেত্ৰতো আগভাগ লৈছিল ৷

শিক্ষকতা কৰা প্ৰয়াত লক্ষ্মীকান্ত ৰায়ে বঙাইগাঁও চহৰৰ ঐতিহ্যমণ্ডিত বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৯২ চনৰ পৰা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৯৭ চনৰ ২৮ ফেব্ৰুৱাৰীত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

কিন্তু অৱসৰৰ পিছত অধিক সময় জড়িত হৈ পৰিছিল বিভিন্ন সমাজিক কাম- কাজ আৰু অনুষ্ঠানৰ সৈতে ৷ বঙাইগাঁও বি এড কলেজ, আইন মহাবিদ্যালয় ,বঙাইগাঁও মডেল স্কুল আদি স্থাপনৰ ক্ষেত্ৰত আগভাগ লোৱা প্ৰয়াত লক্ষ্মীকান্ত ৰায় বঙাইগাঁও শাখা সাহিত্য সভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

সেইদৰে তেওঁ আছিল এগৰাকী সুদক্ষ খেলুৱৈ আৰু সমাজ সংগঠক ৷ মৃত্যুৰ আগলৈ তেওঁ বঙাইগাঁও বাৰোৱাৰী ৰাস কমিটিৰ সভাপতি , বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি , শতবৰ্ষ ৰাস মহোৎসৱ উৎযাপন সমিতিৰ সভাপতি , বঙাইগাঁও বি এড কলেজ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বত আছিল ৷
বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদগৰাকীৰ মৃত্যুৰ বাতৰি বিয়োপি পৰাৰ পিছতে বঙাইগাঁৱত শোকৰ ছাঁ পৰে ৷ ইপিনে গুৱাহাটীৰ পৰা নশ্বৰদেহ আজি বঙাইগাঁৱৰ কনকলতা পথৰ নিজ গৃহত অনাত ইয়াতে বিভিন্নজনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়েও তেওঁৰ গৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷ সেইদৰে বঙাইগাঁও জিলা কৰ্মচাৰি পৰিষদ ,বাৰোৱাৰী ৰাস কমিটি ,বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্থা ,বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প,বি এড কলেজ পৰিচালনা সমিতি, শতবৰ্ষ ৰাস মহোৎসৱ উদযাপন সমিতি, বঙাইগাঁও নামঘৰ পৰিচালনা সমিতি আদিৰ তৰফৰ পৰাও তেওঁৰ মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷

সেইদৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্যয়ো প্ৰয়াত শিক্ষাবিদগৰাকীৰ মৃতদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ পিছত বঙাইগাঁও ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

মৃত্যুৰ সময় তেওঁ পত্নী , এজন পুত্ৰ , এজনী কন্যা ,দুগৰাকী বোৱাৰী ,নাতি- নাতিনী আদিক ইহ সংসাৰত এৰি থৈ যায় ৷ ইপিনে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষাবিদ লক্ষ্মীকান্ত ৰায়ৰ মৃত্যুত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে ৷
লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷