NORTHEAST NOW (Assamese)

মাওবাদীৰে সম্পৰ্কৰ অভিযোগত কাৰাবন্দী জি এন চাইবাবাক নিৰ্দোষ সাব্যস্ত উচ্চ ন্যায়ালয়ৰ: শীঘ্ৰেই মুক্তিৰ নিৰ্দেশ

October 14, 2022 1:13 pm · এন ই নাও নিউজ, গুৱাহাটী

মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত কাৰাবন্দী হৈ থকা দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন চাইবাবাক আজি নিৰ্দোষ সাব্যস্ত কৰিছে বোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে। গোচৰৰ শুনানি গ্ৰহণ কৰি আজি ন্যায়ালয়ে চাইবাবাক তাৎক্ষণিকভাৱে কাৰাগাৰৰ পৰা মুকলি কৰাৰ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ ৰোহিত দেও আৰু অনিল পানচাৰেৰে গঠিত খণ্ড বিচাৰপীঠে ২০১৭ চনত বিচাৰ আদালতে দিয়া আদেশক প্ৰত্যাহ্বান জনাই জি এন চাইবাবাই দাখিল কৰা আপীলৰ শুনানি গ্ৰহণ কৰি তেওঁক নিৰ্দোষী বুলি ঘোষণা কৰে।

শাৰীৰিক অক্ষমতাৰ বাবে হুইলচেয়াৰত থাকিবলগীয়া হোৱা জি এন চাইবাবা বৰ্তমান নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে।

আজি বিচাৰপীঠে গোচৰটোত পূৰ্বে দোষী সাব্যস্ত কৰা আন পাঁচগৰাকী ব্যক্তিৰো আপীলৰ অনুমতি দিয়ে আৰু আটাইকেইগৰাকীকে নিৰ্দোষ সাব্যস্ত কৰে। অৱশ্যে এই পাঁচগৰাকীৰ মাজৰ এগৰাকীৰ ইতিপূৰ্বে মৃত্যু হৈছে।

উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে সাইবাবাসহ আটাইকেইগৰাকী লোককে অন্য কোনো গোচৰত অভিযুক্ত নহ’লে কাৰাগাৰৰ পৰা তাৎক্ষণিকভাৱে মুকলি কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, ২০১৭ চনৰ মাৰ্চ মাহত মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ এখন সত্ৰ আদালতে চাইবাবাৰ লগতে এগৰাকী সাংবাদিক, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰসহ আন দুগৰাকী অভিযুক্তক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল।

মাওবাদীৰে সম্পৰ্ক ৰক্ষাৰ লগতে দেশৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগত তেওঁলোকক দোষী সাব্যস্ত কৰিছিল গড়চিৰোলীৰ সত্ৰ আদালতে।

বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ দৰে কঠোৰ আইনৰ আওতাত অভিযুক্ত কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত জি এন চাইবাবা আৰু আনকেইগৰাকী ব্যক্তিক দোষী সাব্যস্ত কৰিছিল আদালতে।

Related News