দিল্লী আৰক্ষীৰ হাতত আগতে গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন ৰ’ এজেণ্ট বিকাশ যাদৱ, কিন্তু কিয়?

চোৰাংচোৱা সংস্থা ‘ৰ’ৰ প্ৰাক্তন এজেণ্ট বিকাশ যাদৱ। ফটোঃ সংগ্ৰহীত।

খলিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত বিকাশ যাদৱ। তেওঁ ভাৰতীয় চোৰাংচোৱা সংস্থা ‘ৰ’ৰ প্ৰাক্তন এজেণ্ট হিচাপে পৰিচিত। ইতিমধ্যে এফ বি আইয়ে তেওঁক মষ্ট ৱাণ্টেড বুলি ঘোষণা কৰিছে। গ্ৰেপ্তাৰৰ পৰোৱানাও জাৰি কৰা হৈছে।

ইয়াৰ মাজতে বিকাশ যাদৱ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। এই প্ৰাক্তন চোৰাংচোৱাজনক ১০ মাহ পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ শাখাই অপহৰণ আৰু হত্যাৰ ষড়যন্ত্ৰৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

কিন্তু বিকাশে এই বছৰৰ এপ্ৰিল মাহত জামিন লাভ কৰিছিল। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বিকাশ আৰু তেওঁৰ সংগীৰ বিৰুদ্ধে দিল্লী আৰক্ষীত গোচৰ ৰুজু কৰিছিল এজন ব্যৱসায়ীয়ে।

লগতে পঢ়কঃ ১১.৯৬ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত পত্নীসহ ৰেমো ডি’ চুজাকে ধৰি ৭জনৰ বিৰুদ্ধে FIR দাখিল

দিল্লীৰ ৰোহিনীৰ বাসিন্দা এই ব্যৱসায়ীজন তথ্য প্ৰযুক্তিৰ ব্যৱসায়ৰ সৈতে জড়িত। পশ্চিম এছিয়াৰ বিভিন্ন চহৰত তেওঁৰ ব্যৱসায় আছে। সেই ব্যৱসায়ৰ বাবেই এজন ব্যক্তিয়ে ব্যৱসায়ীজনক বিকাশ যাদৱৰ লগত চিনাকি কৰাই দিয়ে। তাৰ পিছত বিকাশে নিজকে চোৰাংচোৱা বুলি পৰিচয় দিয়ে। ব্যৱসায়ত সহায় পাব বুলি ভাবি দুয়োজনে ফোন নম্বৰ বিনিময় কৰে।

ব্যৱসায়ীজনে দিল্লী আৰক্ষীক জনোৱা মতে, ১১ ডিচেম্বৰত বিকাশে তেওঁক লোধি ৰোডলৈ মাতি ফোন কৰিছিল। তালৈ যোৱাৰ সময়ত তেওঁক অপহৰণ কৰি ডিফেন্স কলনীলৈ লৈ যোৱা হয়। তাতে বিকাশে ব্যৱসায়ীজনক কয় যে লৰেন্স বিষ্ণোই গেঙে তেওঁক হত্যা কৰাৰ কাম দিছে। ইয়াৰ পিছত বিকাশ আৰু তেওঁৰ সংগীয়ে ব্যৱসায়ীজনক মাৰপিট কৰি সোণৰ চেইন আৰু আঙঠিটো খুলি নিয়ে।

ব্যৱসায়ীজনে আৰক্ষীক জনোৱা মতে, টকাও লুটি নিয়ে। কেনেবাকৈ প্ৰাণ বচাই আহি বিকাশ আৰু তেওঁৰ সংগীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰে ব্যৱসায়ীজনে। সেই অভিযোগৰ ভিত্তিত বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে বিকাশ আৰু তেওঁৰ সংগীক গ্ৰেপ্তাৰ কৰিছিল। হত্যাৰ ষড়যন্ত্ৰ আৰু অপহৰণৰ দৰে গোচৰ ৰুজু কৰা হৈছিল।

লগতে পঢ়কঃ যুৱ এছিয়া কাপত ভাৰতে হৰুৱালে পাকিস্তানক; ৰুদ্ধশ্বাস মেচত ৭ ৰানত বিজয়ী তিলকবাহিনী

অৱশ্যে চলিত বৰ্ষৰ এপ্ৰিল মাহত মুক্তি লাভ কৰিছিল বিকাশে। অৱশ্যে কেন্দ্রীয় চৰকাৰে এফ বি আইক জনাইছে যে এতিয়া তেওঁৰ অৱস্থানৰ কোনো তথ্য নাই৷ আনকি নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে বিকাশ এতিয়া ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত নহয়।