• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱ এছিয়া কাপত ভাৰতে হৰুৱালে পাকিস্তানক; ৰুদ্ধশ্বাস মেচত ৭ ৰানত বিজয়ী তিলকবাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2024 8:34 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপৰ পিছতে যুৱ এছিয়া কাপতো পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিছে। ওমানত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ৰুদ্ধশ্বাস মেচখনত জয়লাভ কৰে তিলক ভাৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই।

পাকিস্তান শ্বাহিনছৰ বিৰুদ্ধে ভাৰতে ৭ ৰাণত জয়লাভ কৰে। মেচখনৰ নায়ক হিচাপে পৰিগণিত হয় যুৱ পেচাৰ অংশুল কাম্বোজ। উল্লেখ্য যে যোৱাবাৰ এই প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হৈছিল ভাৰত। ফলত এইবাৰ তাৰ মধুৰ প্ৰতিশোধ ল’লে তিলকবাহিনীয়ে।

ভাৰতৰ অধিনায়ক তিলকে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অভিষেক শৰ্মা আৰু প্ৰভসিমৰন সিঙে আৰম্ভণিতে আক্ৰমণাত্মক খেলে। অভিষেকে ২২টা বলত ৩৫ ৰান কৰাৰ বিপৰীতে প্ৰভসিমৰনে ১৯টা বলত ৩৬ ৰান সংগ্ৰহ কৰে।

Apply Now

লগতে পঢ়কঃ সোণতকৈও চৰা! বিশ্বৰ আটাইতকৈ দামী পাচলি, এক কেজিৰ দাম কিমান জানেনে?

ইয়াৰ পিছতে অধিনায়ক তিলক আৰু নেহাল ৱাধেৰাই দায়িত্ব চম্ভালে। আৰম্ভণিতে তিলকে কিছু সময় লৈছিল যদিও পিছত চাৰি-ছয় মাৰিবলৈ আৰম্ভ কৰে। তেওঁ ৪৪ ৰান সংগ্ৰহ কৰে। কেকেআৰৰ বেটছমেন ৰমনদীপ সিঙে পৰৱৰ্তী অভাৰত তেনেকুৱা ৰান নাপালেও ১১টা বলত ১৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ভাৰতে ৮টা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰে।

ভাৰতে বলিং কৰিবলৈ নমাত আৰম্ভণিতে অংশুলে আঘাত হানে। দ্বিতীয় বলত তেওঁ পাকিস্তানৰ অধিনায়ক মহম্মদ হেৰিছক বোল্ড কৰে। অংশুলৰ চিকাৰ হয় ওমেৰ ইউছুফো। কিছু প্ৰচেষ্টা চলাইছিল ইয়াছিৰ খান আৰু আৰাফাত মিনহাছে। কিন্তু অংশুলৰ লগতে ৰশিখ চালাম আৰু নিশান্ত সিন্ধুৱে দুৰ্দান্ত বলিং কৰে। তাৰ তুলনাত বেছি ৰান দি দিয়ে বৈভৱ অৰোৰাই।

India A start the #MensT20EmergingTeamsAsiaCup 2024 with a 7-run win over Pakistan A 👌👌

For his three-wicket haul, Anshul Kamboj is adjudged the Player of the Match 👏👏

Scorecard ▶️ https://t.co/9UzgL3ojbu#TeamIndia | #ACC | #INDAvPAKA pic.twitter.com/mrMP3pHRwm

— BCCI (@BCCI) October 19, 2024

কিন্তু ধাৰাবাহিকভাৱে উইকেট হেৰুওৱাৰ বাবে পাকিস্তানে খেলখনলৈ ঘূৰি অহাৰ সুযোগ নাপালে। তেওঁলোকৰ ইনিংছ ১৭৬ ৰানত স্তব্ধ হৈ পৰে। অৱশেষত ভাৰতে ৭ ৰানত জয়লাভ কৰে। ৩৩ ৰানত ৩টা উইকেট দখল কৰি খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় অংশুল।

সংক্ষিপ্ত স্কোৰঃ

ভাৰত এ: ১৮৩/৮ (অভিষেক ৩৫, তিলক ৪৪)

পাকিস্তান শ্বাহিনছঃ ১৭৬/৭ (আৰাফাত ৪১, অংশুল ৩৩/৩)

ভাৰতে ৭ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd