গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজৱ কাণ্ড: স্নাতক তৃতীয় ষান্মাসিকৰ আজিৰ পৰীক্ষা বাতিল

Guwahati-University-1140x570

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমূহত যোৱা ২০ নৱেম্বৰৰ পৰা চলি থকা স্নাতক বি এ তৃতীয় ষান্মাসিকৰ (চেমিষ্টাৰৰ) আজিৰ পৰীক্ষা বাতিল কৰা হয় ৷

প্ৰশ্ন কাকতৰ বিসংগতিৰ বাবে আজিৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে ৷

উল্লেখ্য যে, বি এ তৃতীয় চেমিষ্টাৰৰ আজি ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা আছিল ৷ প্ৰশ্ন কাকতত দুটা শাখা থাকিব লাগে যদিও আজিৰ প্ৰশ্ন কাকতত কেৱল এটা শাখাহে থাকে।

ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক অধ্যাপিকা সকল হতভম্ব হৈ পৰে ৷

উপায়বিহীন হৈ কেইবাখনো মহাবিদ্যালয়ে আজিৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয়৷

জানিব পৰা মতে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ লগতে বি এইচ মহাবিদ্যালয়, বৰনগৰ মহাবিদ্যালয়, বি এইচ বি মহাবিদ্যালয়, বৰপেটা ছোৱালী মহাবিদ্যালয়, শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয় আদিত আজিৰ পৰীক্ষা বাতিল কৰা হৈছে ৷

বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ পৰা জানিব পৰা মতে আজিৰ পৰীক্ষা পৰবৰ্তী কোনো এটা তাৰিখত অনুষ্ঠিত কৰিব ৷