NORTHEAST NOW (Assamese)

জাগুনত সেনা আৰু আলফা-এন এছ চি এন (কে)ৰ গোটৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

September 24, 2018 10:00 pm · মানস প্ৰতিম গগৈ
Updated: September 25, 2018 6:53 am

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কঠা সংৰক্ষিত বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত আজি সন্ধিয়া সন্দেহজনক আলফা (স্বাঃ) আৰু এন এছ চি এন (কে) বিদ্ৰোহীৰ এটা দলৰ সৈতে সেনাৰ প্ৰচণ্ড সংঘৰ্ষ হোৱাৰ বাতৰি পোৱা গৈছে।

আজি সন্ধিয়া প্ৰায় ৮ বজাত সেনা আৰু বিদ্ৰোহীৰ দলৰ মাজত এই সংঘৰ্ষ হয়। দুয়ো পক্ষৰ প্ৰচণ্ড গুলীয়াগুলীয়ে সমগ্ৰ অঞ্চলটো কঁপাই তোলে। অৱশ্যে  প্ৰায় আধাঘণ্টা ধৰি চলা সংঘৰ্ষটোত কোনো পক্ষৰ লোক হতাহতি হোৱাৰ বাতৰি পোৱা নাই।

অসমৰ্থিত সূত্ৰসমূহে কয় যে উগ্ৰপন্থীৰ দলটো আন্ধাৰৰ সুযোগ লৈ অঞ্চলটোৰ কাষৰীয়া কঠা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পলায়ন কৰে।

চোৰাংচোৱাই সন্দেহ কৰা মতে, আজিৰ সংঘৰ্ষটোত বিদ্ৰোহী দলটোৰ নেতৃত্ব দিয়ে দুৰ্ধষ আলফা নেতা ৰুপম অসমে।

সংঘৰ্ষৰ পাছতে সেনা আৰু অসম আৰক্ষীয়ে বুঢ়ীদিহিং নদীৰ জাগুন ঘাটত উগ্ৰপন্থী দলটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা কিছু দিন ধৰি তিনিচুকীয়া-অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত আলফা আৰু এন এছ চি এনৰ বিদ্ৰোহী গোটৰ দ্বাৰা সেনা-আৰক্ষীক সঘনাই টাৰ্গেট কৰা দেখা গৈছে। কেইমাহ মানৰ পূৰ্বে বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা এনেকুৱা এটা সংঘৰ্ষতে নিহত হৈছিল।

Related News