অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ২০১৬ চনত স্নাতকোত্তৰ পৰীক্ষাত ডিষ্টিংচনসহ প্ৰথম শ্ৰেণী লাভ কৰা উৰ্বশী হাজৰিকালৈ হাংগেৰীৰ Szent Istvan বিশ্ববিদ্যালয়ে ‘Horticulture Science, Medicinal and Aromatic plant’ বিষয়ত গৱেষণাৰ বাবে চাৰি বছৰীয়া জলপানী আগবঢ়াইছে।
২০১৮ চনৰ টেমপাছ পাব্লিক ফাউনডেশ্যনৰ হাংগেৰী আৰু ভাৰত চৰকাৰৰ শৈক্ষিক সহযোগিতা চুক্তি অনুসৰি উৰ্বশী হাজৰিকাই ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ সহযোগত Szent Istvan বিশ্ববিদ্যালয়ৰ Doctoral School of Horticulture Science, Budapest, Hungaryত Medicinal and Aromatic plant বিষয়ত গৱেষণা কৰিব।
উল্লেখযোগ্য যে উক্ত বিষয়ত বিদেশৰ বিশ্ববিদ্যালয়ত জলপানীসহ গৱেষণা কৰিবলৈ সুযোগ লাভ কৰা উৰ্বশী হাজৰিকা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী শিক্ষাৰ্থী।
গৌৰীসাগৰ নিবাসী জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা হৰেন্দ্ৰ নাথ হাজৰিকা আৰু শিক্ষয়িত্ৰী ইভা হাজৰিকাৰ একমাত্ৰ কন্যা উৰ্বশী হাজৰিকালৈ ইউৰোপিয়ান বিশ্ববিদ্যালয়খনে গৱেষণাৰ বাবে জলপানী আগবঢ়োৱা খবৰে গৌৰীসাগৰবাসীক আনন্দিত কৰি তুলিছে।