তিনিচুকীয়াত সেনা আৰু আলফা-এন এছ চি এন (কে)ৰ গোটৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

gun-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী লেখাপানী থানাৰ ১নং ৱাৰা আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নগাডুবিৰ মাজত আজি পুঁৱতি নিশা সন্দেহজনক আলফা (স্বাঃ) আৰু এন এছ চি এন (কে) বিদ্ৰোহীৰ এটা দলৰ সৈতে সেনাৰ প্ৰচণ্ড সংঘৰ্ষ হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি প্ৰায় ৩০ মিনিট সময় সেনা আৰু সন্দেহযুক্ত উগ্ৰপন্থী দলটোৰ মাজত গুলীয়াগুলী চলে। এন এছ চি এন (কে) দলটোৰ লগত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰো থকাৰ সন্দেহ কৰিছে সেনাৰ সূত্ৰই।

উল্লেখ্য যে উগ্ৰপন্থীৰ গতি-বিধিৰ সম্পৰ্কে সেনাই নিৰাপত্তা এজেন্সি আৰু গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত উক্ত অঞ্চলটোত অভিযান চলাইছিল। কিন্তু সেনাৰ এই অভিযান সম্পৰ্কে উগ্ৰপন্থীৰ দলটোৱে গম পোৱাত সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰে।

অৱশ্যে এই গুলীচালনাত কোন পক্ষৰ কিমান ক্ষয়-ক্ষতি হৈছে সেই সম্পৰ্কে এতিয়াও স্পষ্ট ৰূপত জানিব পৰা হোৱা নাই। ইফালে গুলীচালনাৰ ঘটনাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰি আছে।

উল্লেখযোগ্য যে যোৱা কিছু দিন ধৰি তিনিচুকীয়া-অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত আলফা আৰু এন এছ চি এনৰ বিদ্ৰোহী গোটৰ দ্বাৰা সেনা-আৰক্ষীক সঘনাই টাৰ্গেট কৰা দেখা গৈছে।