নলবাৰীৰ পৰা অহা শ্ৰমিকক লৈ টীয়কত উত্তেজনা; গাঁওবাসীয়ে শ্ৰমিক কেইজনক চমজালে আৰক্ষীক

Screenshot_2020-05-07-22-22-32_1

ফটো: নৰ্থইষ্ট নাও

ৰাজ্যত বৰ্ধিত কৰ’নাৰ সন্ত্ৰাসৰ মাজতে বৃহস্পতিবাৰে যোৰহাট জিলাৰ টীয়কত সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷

টীয়কৰ বনাইত বৃহস্পতিবাৰে সন্ধিয়া নলবাৰীৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ গাড়ী উপস্থিত হয়।

স্থানীয় ৰাইজে গাড়ীখন আৱদ্ধ কৰি টীয়কৰ আৰক্ষীক চমজাই দিয়ে।

টীয়কৰ বনাইৰ দেৱজিৎ তামুলী নামৰ এজন যুৱকৰ ঘৰত জলসিঞ্চন বিভাগৰ দ্বাৰা সংস্থাপন কৰা গভীৰ নলী-নাদ আঁচনিৰ কামৰ বাবে আহিছিল শ্ৰমিক কেইজন।

এখন ট্ৰেভেলাৰেৰে ৫ জন শ্ৰমিকক অনাৰ খবৰ পাই আতঙ্কিত হৈ গাঁওবাসীয়ে ট্ৰেভেলাৰ সহ শ্ৰমিক কেইজনক আটক কৰে।

ইয়াৰ পাছতে অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ইতিমধ্যে টীয়ক আৰক্ষীয়ে আটাইকেইজন শ্ৰমিকক গাড়ীসহ থানালৈ আনি সোধপোছ অব্যাহত ৰাখিছে।

টীয়কৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাইl

লকডাউন চলি থকাৰ মাজতে সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।