শুনা সভাসদ শুনা : গণৰাজ্য দিৱস পৰিৱৰ্তন

গণৰাজ্য দিৱস পৰিৱৰ্তন

 

শুনা গৈছে যে প্ৰধামন্ত্ৰীৰ ইচ্ছা আৰু পৰামৰ্শ মতে গণৰাজ্য দিৱস এইবছৰৰ পিছৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনতহে পালন কৰা হ’ব। কথাটো ইমান সহজ আৰু গ্ৰহণযোগ্য নহয়। বৰং তাৰ সম্পূৰ্ণ বিপৰীত।

ইতিহাসৰ তাৰিখবোৰ মানুহৰ খেয়াল-খুছি মতে বদলাব নোৱাৰি। ইমান দিনে ভাৰতত বিভিন্ন দলৰ চৰকাৰ হৈছে। ইয়াৰ পূৰ্বে কোনো এটা চৰকাৰেই এনে অপুদ্ঘাত কাণ্ড কৰা নাছিল। বিজেপি দলৰ চৰকাৰে যিহেতু ইতিহাসৰ তথ্য নিজৰ মৰ্জি মতে সলাবলৈ লৈছে, সেয়ে বোধহয় কোনো ঘটনাৰ তাৰিখ সলোৱাও সম্পূৰ্ণ বৈধ আৰু স্বাভাৱিক বুলি ধৰি লৈছে। ইয়াৰ পিছত স্বাধীনতা দিৱসৰ তাৰিখো বদলাব পাৰে!!

গণৰাজ্য দিৱসৰ তাৎপৰ্য্য কি? স্বাধীনতা লাভৰ পিছতো, আমাৰ সংবিধান ৰচিত হোৱাৰ পূৰ্বে, আনুষ্ঠানিকভাবে আমাৰ দেশ ব্ৰিটিছ ৰাজতন্ত্ৰৰ অধীনত আছিল। আনুষ্ঠানিকভাবে ব্ৰিটিছ সিংহাসনৰ স্থান আছিল ভাৰতীয় ৰাষ্ট্ৰৰ আনুষ্ঠানিক আধাৰ হিচাবে! কিন্তু আমাৰ সংবিধান প্ৰণয়ন শেষ কৰি যেতিয়া আমাৰ নিজা ৰাষ্ট্ৰৰ আধাৰ নিৰ্মাণ কৰি তোলা হ’ল, তেতিয়া ১৯৫০ চনৰ ২৬ জানুৱাৰীত আনুষ্ঠানিকভাবে ভাৰত ৰাজতন্ত্ৰৰ পৰা জনগণৰ ৰাষ্ট্ৰ বা গণৰাজ্যত পৰিণত হ’ল। ই আমাৰ স্বাধীনতা সংগ্ৰামৰ এক স্বাভাৱিক আৰু বৈধ পৰিণতি।

সেয়ে খেয়াল-খুছি মতে গণৰাজ্য দিৱসৰ তাৰিখ সলোৱা কেৱল শিশুসুলভেই নহয়, দুৰ্বুদ্ধিজনিত আৰু বিপজ্জনক। স্বাধীনতা সংগ্ৰাম আৰু সংবিধানৰ গুৰুত্ব ইয়াৰ দ্বাৰা নস্যাৎ কৰা হৈছে। কোনো প্ৰধানমন্ত্ৰীৰ ইমান ক্ষমতা নাই।

জোনমণি ৰাভাৰ বিস্ফোৰণ

 

বিধায়ক অমিয় ভূঞা আৰু আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ কথোপকথন ইতিমধ্যে সমূহ ৰাইজে গম পাইছে। তাৰ বিস্তাৰিত বিৱৰণৰ প্ৰয়োজন নাই। কিন্তু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী তথা বিজেপিৰ দায়িত্বশীল নেতা আৰু সমৰ্থকৰ সঘন স্থান-চ্যুতি আৰু দুমুখীয়া সঁহাৰিয়ে গভীৰ বিভ্ৰান্তি সৃষ্টি কৰিছে।

জোনমণি ৰাভাৰ মবাইলত ৰে’কৰ্ড কৰা কথোপকথনে যেতিয়া টি-ভি আৰু ৰাইজৰ মনত প্ৰথম প্ৰতিভাত হৈছিল, তাত বিধায়কগৰাকীৰ নিতান্ত অবৈধ আৰু অন্যায় নিৰ্দ্দেশক নিৰ্বিচাৰ গৰিহণা দিয়াৰ মনোভাব দেখা গৈছিল। আৰু মুখ্যমন্ত্ৰীজনেও  লগে লগে বিধায়ক অমিয় ভূঞাক তেনে আচৰণ নকৰিবলৈ সকীয়নি দিব বুলি কৈছিল। পিছদিনা তেওঁ সুৰ সলাই ক’লে যে দুই পক্ষৰে ভুল হৈছে। বিধায়কজনে তেনে নিৰ্দ্দেশ দিব নালাগিছিল আৰু আৰক্ষী উপ-পৰিদৰ্শকজনেও ফোনত ৰে’কৰ্ড কৰিব নালাগিছিল।

পৰৱৰ্ত্তীকালত অমিয় ভূঞাৰ দেখদেখ্ অন্যায় ক্ৰমে ধূসৰ কৰি পেলোৱাৰ লগতে জোনমণি ৰাভাই নিয়ম-বহিৰ্ভূত কাৰ্য্য কৰাৰ ওপৰতহে জোৰ দিয়া হ’ল। টি-ভিত কোনো-কোনোৱে জোনমণি ৰাভাই আইনৰ শাসন উলংঘা কৰা বুলিহে গুৰুতৰ অভিযোগ তুলিলে। কোৱা হ’ল যে ফোনকল ৰে’কৰ্ড কৰি  বিধায়কগৰাকীৰ ব্যক্তিগত তথ্য সদৰি কৰাৰ দৰে ভয়ংকৰ দুষ্কাৰ্য্য কৰিছে!!

দেখা যায়, বিধায়কগৰাকীয়ে সম্পূৰ্ণ অবৈধ নিৰ্দ্দেশ দিয়াই নহয়, নিজৰ জনপ্ৰতিনিধি হিচাবে থকা ক্ষমতাৰ চূড়ান্ত অপব্যৱহাৰ কৰা আচৰণে কনিষ্ঠ আৰক্ষী বিষয়াগৰাকীক কৰ্ত্তব্য পালন কৰাত বাধা দিয়াই নহয়, তেওঁৰ মৰ্যাদা ক্ষুণ্ণ কৰিলে। সেই ক্ষেত্ৰত তেওঁৰ কৰ্ত্তব্য কি হ’ব? তেওঁ সেই অপমান আৰু বাধা সহি নিজেই চৰকাৰী আইন উলংঘা কৰা উচিত আছিল নে? তেওঁ সেইটো নকৰিলে। কিন্তু তেনে অবৈধ আইন উলংঘা নকৰি ফোনকলটো সংৰক্ষণ কৰি সদৰি কৰিলে। তাৰ বিকল্প তেওঁৰ হাতত কি আছিল? নেগুৰ মোকটাই আইন অমান্য কৰা অপৰাধীক ৰেহাই দিয়া? তাকে নকৰি তেওঁ ৰাইজক সঁকীয়াই ক’লে , “ৰাইজ চাওক, এনেদৰে আমাক কৰ্ত্তব্য পালনত বাধা দিয়া হৈছে!” অৰ্থাৎ গণতন্ত্ৰ যি ৰাইজৰ চৰকাৰ বুলি ধৰা হয়, সেই ৰাইজক কাণ্ডটো অবগত কৰা।

নিয়মৰ পিনৰ পৰা ই এটা ত্ৰুটি। কিন্তু তাতকৈ বহু বেছি গুৰুতৰ বিধায়কগৰাকীৰ অবৈধ আৰু অন্যায় নিৰ্দ্দেশটো। সকলোৱে জানে দলমত নিৰ্বিশেষে অসম তথা ভাৰতৰ প্ৰশাসনত চলি থকা ই এক অদ্ভূত স্বৈৰাচাৰ। বিবিধ ধৰণৰ লাভজনক দুৰ্নীতিৰ দ্বাৰা লাভবান হৈ থকা একাংশ বিধায়কে আৰক্ষীক “মেনেজ” কৰি অবৈধ কয়লাখনন, অবৈধ বনধ্বংস আদি কেলেংকাৰী চলাই আছে। লোকমুখত উচ্চ আৰক্ষী বিষয়া কিছুমানেও তাৰ অংশ লাভ কৰাৰ কথা প্ৰচাৰ হয়। জোনমণি ৰাভাই এগৰাকী বিধায়কৰ সম্পূৰ্ণ অবৈধ নিৰ্দেশৰ প্ৰমাণ সদৰি কৰিলে বাবে তেওঁ ধন্যবাদৰ পাত্ৰ। টি-ভিত চৰকাৰৰ এচাম সমৰ্থক, নেতা তথা বুদ্ধিজীৱীৰ অতি ধিক্কাৰজনক মন্তব্য শুনা গ’ল। তেওঁলোকে ক’লে যে জনপ্ৰতিনিধি মাত্ৰেই ৰাইজৰ দ্বাৰা নিৰ্বাচিত লোক, আৰু সেই অনুসৰি অপৰিমিত মান-সন্মানৰ অধিকাৰী। এগৰাকী সাধাৰণ আৰক্ষী বিষয়াই তেওঁৰ মৰ্যাদা ক্ষুণ্ম কৰা হেনো অতি ভয়ংকৰ কাৰ্য্য— জনগণৰ প্ৰতিয়েই অপমান। আনহাতে বিধায়কজনে নিজৰ পদ তথা মৰ্যাদাৰ চূড়ান্ত অপব্যৱহাৰ কৰাত ঢাকোন দিয়া হ’ল!!

আচলতে বিধায়কজনে ক্ষমাপ্ৰাৰ্থনা কৰিহে নিজৰ বিধায়িনী দায়িত্ব আৰু মৰ্যাদা ৰক্ষা কৰিব লাগিছিল।