NORTHEAST NOW (Assamese)

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

January 20, 2021 12:32 pm · এন ই নাও নিউজ
Updated: January 20, 2021 12:33 pm

দেশত এতিয়া কোভিডৰ দুটাকৈ ভেকচিন সাধাৰণ লোকৰ মাজত প্ৰয়োগৰ কাম চলি আছে।

এনে সময়তে আজি CDSCO ৰ বিশেষজ্ঞ সমিতিয়ে ভাৰত বায়’টেকে প্ৰস্তুত কৰি উলিওৱা নাকেৰে ল’ব পৰা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণত অনুমোদন জনায়।

বিশেষজ্ঞ সমিতিৰ এনে অনুমোদনে কোভিডৰ ভেকচিনৰ জগতখনলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি  আশা কৰা হৈছে।

ভাৰত বায়’টেকে প্ৰস্তুত কৰি উলিওৱা নাকেৰে ল’ব পৰা ভেকচিন বিধ নাকৰ প্ৰতিটো ফুটাৰে এটোপালকৈ গ্ৰহণ কৰিলেই হ’ল।

কিছুদিন পূৰ্বে হায়দৰাবাদস্থিত কোম্পানীটোৱে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকৰ ওচৰত নাকেৰে গ্ৰহণ কৰিব পৰা ভেকচিন বিধৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি বিচাৰি আবেদন জনাইছিল।

ইয়াৰ পিছতে আজি বিশেষজ্ঞ সমিতিয়ে এই ভেকচিন বিধৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ বাবে অনুমতি প্ৰদান কৰে।

নিটি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ভিকে পলে প্ৰকাশ কৰা মতে ভাৰত বায়’টেকৰ নাকেৰে ল’ব পৰা ভেকচিন বিধৰ পৰীক্ষণৰ বাবে ইতিমধ্যে পৰীক্ষণত ভাগ লবলগীয়া স্বেচ্ছাসেৱকসকলক বাচনি কৰা হৈছে।

তেওঁ লগতে কয় যে নাকেৰে ল’ব পৰা ভেকচিনৰ ক্ষেত্ৰত ছিৰিঞ্জৰ প্ৰয়োজন নহ’ব।

ভাৰতত যিহেতু ছিৰিঞ্জৰ ব্যৱহাৰ কৰি ভেকচিন ল’বলৈ কমেও ২.৬ বিলিয়ন ছিৰিঞ্জৰ প্ৰয়োজন হ’ব সেয়া ইয়াৰ বাবদ যথেষ্ঠ খৰচ হ’ব।

নাকেৰে গ্ৰহণ কৰিব পৰা ভেকচিনে ছিৰিঞ্জৰ খৰচ নোহোৱা কৰাৰ লগতে ২.৬ বিলিয়ন ছিৰিঞ্জে সৃষ্টি কৰিবলগীয়া প্ৰদূষণো দূৰ কৰিব বুলি পলে মন্তব্য কৰে।

Related News