NORTHEAST NOW (Assamese)

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

May 19, 2022 8:52 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 19, 2022 8:53 pm

মাঙ্কিপক্সৰ বিষয়ে উদ্বেগ বৃদ্ধি পাবলৈ লৈছে। কেৱল ইংলেণ্ডতে নহয়, স্পেইন আৰু পৰ্তুগালতো ভাইৰাছটো ধৰা পৰিছে। এজন আমেৰিকান মানুহো মাঙ্কিপক্সৰ দ্বাৰা সংক্ৰমিত হৈছে। বহুতেই এই ৰোগটো চিকেনপক্সৰ সৈতে একাকাৰ কৰিছে। কিন্তু  লক্ষণবোৰৰ সাদৃশ্য আছে  যদিও দুয়োটা ৰোগ সম্পূৰ্ণ পৃথক।

প্ৰথমতে, চিকিৎসকসকলে ভাবিছিল যে ৰোগটো ‘ড্ৰপলেট’ৰ জৰিয়তে বিয়পিছে। তেনে ক্ষেত্ৰত, মাঙ্কিপক্স ভাইৰাছ শ্বাসনলী, ঘা, নাক, মুখ বা চকুৰ মাজেৰে এজন ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে। অৱশ্যে, এতিয়া চিকিৎসকসকলে অনুমান কৰে যে ভাইৰাছটো যৌন সম্পৰ্কৰ জৰিয়তেও বিয়পিব পাৰে।

লগতে পঢ়ক: টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

কিছুমান নতুন ঘটনাত বিশেষজ্ঞসকলে এইটোৱেই অনুমান কৰিছে। তেওঁলোকে কয় যে যদি কোনোবাই মাঙ্কিপক্স থকা ব্যক্তি এজনৰ সৈতে যৌন সম্পৰ্ক কৰে, তেন্তে তেওঁ সংক্ৰমিত হ’ব পাৰে। সেই কাৰণে, এইক্ষেত্ৰত সতৰ্কবাণী জাৰী কৰা হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

মাঙ্কিপক্সৰ সাধাৰণ লক্ষণসমূহ হৈছে জ্বৰ,মূৰৰ বিষ, পিঠি আৰু ডিঙিত বিষ, খজুৱতি, অৱসাদ আৰু গোটেই শৰীৰত দাগ। 

Related News