‘অদূৰ ভৱিষ্যতে কোভিড ভেকচিন আশা নকৰিব’ : প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষজ্ঞৰ চিঠি

Greta-Thunberg-750x375

‘অদূৰ ভৱিষ্যতে কোভিড ভেকচিন আশা নকৰিব।’ এইদৰে দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিলে দেশৰ এদল বিশেষজ্ঞই।

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনা দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি শীঘ্ৰেই দেশবাসীৰ বাবে দেশত প্ৰস্তুত কৰা তিনিটা কোভিড ভেকচিন ঘোষণা কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছিল।

কিন্তু প্ৰধানমন্ত্ৰীৰ এই প্ৰত্যাশা পূৰণ হোৱাতো সিমান সহজ হৈ থকা নাই।

অৱশ্যে, প্ৰধানমন্ত্ৰী মোদীয়ে উক্ত ভাষণত তিনিটা ভেকচিনৰ কথা উল্লেখ কৰিলেও সেই ভেকচিনকেইটাৰ বিষয়ে বিস্তৃতভাৱে দেশবাসী একো জনোৱা নাছিল।

দেশত প্ৰস্তুত কৰি ভেকচিন তিনিটা কি কি? আৰু সেইকেইটা কেতিয়াকৈ ঘোষণা কৰা হ’ব আদিৰ বিষয়ে স্পষ্টৰূপত প্ৰকাশ কৰা নাছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে।

কিন্তু দেশৰ এদল বিশেষজ্ঞই প্ৰকাশ কৰিছে যে দেশত অতি শীঘ্ৰে কোভিড ভেকচিন প্ৰস্তুত কৰাৰ কোনো সম্ভাৱনা নাই।

IPHA, IAPSM আৰু IAE নামৰ তিনিটা সংগঠনৰ এদল বিশেষজ্ঞই এক যৌথ বিবৃতিৰে দাবী কৰিছে যে অদূৰ ভৱিষ্যতে ক’ৰ’ণাৰ ভেকচিন অহাৰ কোনো সম্ভাৱনা নাই।

তেওঁলোকৰ মতে খুব খৰখেদা কৰিলেও অন্ততঃ ১৮ মাহ অপেক্ষা কৰিব লাগিব ক’ৰ’ণা ভেকচিন প্ৰস্তুতকৰণৰ বাবে। ১৮ মাহত কাৰ্যক্ষম ভেকচিন প্ৰস্তুত হ’লেও সেয়া হ’ব অতি বিৰল।

এই বিশেষজ্ঞ দলৰ মতে, ভাৰতত মহামাৰী প্ৰতিৰোধৰ বাবে এই সময়ত ভেকচিনৰ কোনো ভূমিকাই নাই।

তেওঁলোকৰ মতে সাধাৰণ নিয়মেৰে এটা ভেকচিন প্ৰস্তুত কৰিবলৈ প্ৰায় এটা দশকৰ প্ৰয়োজন হয়। গতিকে ভেকচিন আহিব বুলি বৃথা আশা কৰি থকাৰ অৰ্থ নাই।

যদিও ভেকচিন প্ৰস্তুত হয় সেয়াও WHOৰ গাইডলাইন মানিহে বিতৰণ কৰিব পাৰিব বুলি মন্তব্য কৰিছে এই বিশেষজ্ঞৰ দলে।

তেওঁলোকে যৌথ বিবৃতিত উল্লেখ কৰিছে যে চৰকাৰে কিছুমান বিধি নিষেধ তৈয়াৰ কৰি দেশৰ শিক্ষানুষ্ঠানবোৰ খুলি দিয়া উচিত।

উল্লেখ্য যে, দেশৰ তিনিটা কোভিড ভেকচিন বৰ্তমান মানৱ শৰীৰত পৰীক্ষণ চলি আছে।

ভাৰত বায়’টেকৰ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে প্ৰস্তুত কৰা কোভাক্সিনৰ প্ৰথম পৰ্যায়ৰ ট্ৰায়েল প্ৰায় সম্পূৰ্ণ হৈছে। অক্সফোৰ্ড  আৰু জাইদাস কাডিলাৰ ভেকচিনো ভাৰতত মানৱ পৰীক্ষণ আৰম্ভ কৰা হৈছে।

তেনে সময়তে দেশৰ এদল বিশেষজ্ঞৰ এই বিবৃতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।