• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম ছাত্ৰ সন্থাৰ গৰিমাত কালিমা সানিলে একাংশ নেতাই; ভাইৰেল টেলিফোনিক বাৰ্তালাপ ||Video||

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু গোলাঘাট জিলা নেতৃত্বৰ বিৰুদ্ধে 'ধন' দাবীৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2019 10:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬ বছৰীয়া অসম আন্দোলনৰে সমগ্ৰ ভাৰত তথা বিশ্ব কঁপাবলৈ সক্ষম হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ গৰিমা ম্লান কৰাত উঠি পৰি লাগিছে সংগঠনটোৰ একাংশ নেতা- পালিনেতা। ভাৰতৰ ভিতৰতে বিখ্যাত আঞ্চলিকতাবাদী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাক কালিমা সনাৰ চেষ্টা কৰাৰ কথা পোহৰলৈ আহিছে।

এইবাৰ আছুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক প্ৰিন্স দলে আৰু আঞ্চলিক সাধাৰণ সম্পাদক চম্পক বৰাৰ বিৰুদ্ধে উঠিছে ধন দাবী কৰাৰ অভিযোগ।

নুমলীগড় ৰিফাইনেৰি লিমিটেডৰ ফকৰুদ্দিন আলি আহমেদ ফাণ্ডৰ ঠিকাদাৰ চাহানুৰ আহমেদে আনিছে এই গুৰুতৰ অভিযোগ। ভূপেন হাজৰিকাৰ মৃত্যু তিথি উদযাপনৰ বাবে ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰিন্স দলেৰ বিৰুদ্ধে। আনহাতে, ৰাজু ফুকনেও ২ লাখ টকা দাবী কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে গোলাঘাট সদৰ থানাত চাহানুৰে প্ৰিন্স দলে আৰু চম্পক বৰাৰ বিৰুদ্ধে যোৱা ৪ নৱেম্বৰৰ দিনা মেইলযোগে এজাহাৰ দাখিল কৰিছিল। গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে যোৱা ১১ নবেম্বৰৰ দিনা ভাৰতীয় দণ্ডবিধিৰ ৩৮৫ ধাৰাত গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, এই গোচৰটো উঠাই ল’বলৈ কালি কেইজনমান অচিনাকি যুৱকে চাহানুৰক ভাবুকি দিয়া বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত কয়।

‘মোক কালি দিনৰ ভাগতে ১০-১২ জন মান অচিনাকি যুৱকে আহি কেচটো উঠাই ল’বলৈ ভাবুকি দিছে। মই থকা নুমলীগড় ৰেষ্ট হাউচত যোৱা ১১ নৱেম্বৰৰ দিনা দুজন যুৱকে আহি ৰিচিপশ্যনত মোৰ ফটো দেখুৱাই মই কোনটো কোঠাত থাকো আৰু কিমান সময়ত আহো শুধিছিলহি,‘-চাহানুহৰৰ গুৰুতৰ অভিযোগ ।

আমাৰ হাতত আহি পৰিছে চাহানুৰৰ লগত প্ৰিন্স দলে আৰু ৰাজু ফুকনৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ। ছ’চিয়েল মেডিয়াতো ভাইৰেল হৈ পৰিছে কঠোপ-কথনৰ অডিঅ’ ৰেকৰ্ডিং।

চাহানুৰ আৰু প্ৰিন্সৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত নিজকে প্ৰিন্স দলে বুলি পৰিচয় দিয়া এজন যুৱকে চাহানুৰক কয়, ‘আপোনালোকৰ মৰম চেনেহ লাগিছিল অলপ….. আমাৰ ৫ তাৰিখে ভূপেন দাৰ প্ৰগ্ৰেম আছিল। তাৰ আগত জোনাইৰ সাধাৰণ সভাত আমাক একো মৰম চৰম নকৰিলে।‘

‘মইতো কৈছো, মইটো দিমেই। বিলটো হোৱা নাই, হ’লে দি দিম বুলি কৈছো।‘ চাহানুৰে উত্তৰত কয়।

ইপিনৰ পৰা প্ৰিন্স বুলি পৰিচয় দিয়া যুৱকজনৰ ভাষ্য ‘বিলটোলৈ আমি নৰখো দাদা চাওঁক। আপোনালোকে বিল কৰে কিবা কৰে কৰি থাকিব, আমাৰ একো নাই। আপোনালোকক লগ পোৱাহেঁতেন বেছি ভাল আছিল। কোন আছে লগ পোৱাবলৈ।‘

আন এটা টেলিফোনিক ৰেকৰ্ডিঙত প্ৰিন্সে কয়, ‘আপোনালোকে চাই লওঁক, আমাৰ জিলা ছাত্ৰ সন্থাৰ ডিমাণ্ড এটা থাকে নহয়। আপোনালোকে কওঁক কিমান দিব? আমিতো ক’ব গ’লে বহুতেই বিচাৰিম।‘

তাৰ পাছত চাহানুৰে ঠিকাৰ কামটো ৫ কোটি টকাৰ বুলি কোৱাত প্ৰিন্সে ৫০ হাজাৰ মান দি দিব বুলি কয়।

‘এই মুহূৰ্তত আমাৰ কাম আৰম্ভ হোৱা নাই। এই মুহূৰ্তত কেনেকৈ দিব পাৰি?’ চাহানুৰে কয়।

প্ৰিন্স ‘কিবা এটা এডভান্স কৰাই দিব এতিয়া।‘

‘ৰাজু দা অল আছামৰ হয়। তেওঁৰ কথাটো মাজত নানিব। তেওঁৰ লেবেলটো বহুত ওপৰত। তেওঁৰ মিটিং-মাটাঙ বহুত কথা থাকে। তেওঁ নলবাৰীৰ পৰা ধুবুৰীলৈকে দৌৰে। তেওঁৰ কথাটো জিলাত নানিব।‘ প্ৰিন্সে লগতে কয়।

ৰাজু ফুকনৰ সৈতে হোৱা বাৰ্তালাপৰ কিয়দাংশ অ-সম্পাদিত ৰূপত :

চাহানুৰ: আপোনালোকৰ সাধাৰণ সম্পাদকে ফোন কৰিছিল, সি কৈ আছে জিলাৰ কাৰণে বেলেগ, কেন্দ্ৰৰ কাৰণে বেলেগ।

ৰাজু ফুকন: নহয়, এতিয়া মই কৈছো তাক

চাহানুৰ: বেলেগ সংগঠনৰ লগত মই ইমান ভাল নহয়, যিহেতু আপোনালোকৰ লগত এক দুই বছৰ নহয় বহু বছৰ ধৰি সংগঠনটোক ভাল পাই আহিছো। এতিয়া জিলাৰ কাৰণে ৫০ হাজাৰ…. তাৰ সৈতে কথা পাতিছো, ৫ লাখৰ কথা কৈছে,

ৰাজু: সেইটো মিলাই দিলে হ’ল আৰু কি কথা আছে?

চাহানুৰ: আমি ৫০০ কোটি হাজাৰ কোটি টকাৰ কাম পাইছো বেলেগ কথা। আমাৰ মোটা-মোটি ৫ কোটি টকাৰ কাম।

ৰাজু: বুজি পাইছো, চব গোলমোলাই কথাটো,,,,

চাহানুৰ: আপুনি যুক্তি হিচাপে কওঁক এটা এমাউন্ট,,,,,,

ৰাজু: ২ এটা কৰি দিলেই হ’ব আৰু

চাহানুৰ: ২ মানে একদম অসম্ভৱ কথা,,,,, মই অহা সপ্তাহত ২০ মান দিম আৰু পাছৰ সপ্তাহত ৩০ মান দিম… মুঠ ৫০ মান দিম।

ৰাজু: সেইটো আন এক্সপেক্টেড কথা…

চাহানুৰ: আমাৰো বহুত কথা থাকে…..

ৰাজু: মইটো আছুৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া,,,,

চাহানুৰ: ‘মই ডিব্ৰুগড়ত কাম কৰিছিলো,,,, সঞ্জীৱ দাই এক টকাও বিচৰা নাই।

ৰাজু: ‘সিটো কামো কৰে ন,,, আমিটো কাম নকৰো, আমি সংগঠন কৰো অকল। আমি দিনে ৰাতিয়ে সংগঠনেই কৰি থাকো। বঙাইগাওঁৰ পৰা শদিয়ালৈকে সকলোকে শুধিবা মোৰ কথা। ধুবুৰীৰ নিৰ্মাণ হঁতক শুধিলেই ক’ব ৰাজু ফুকন কেনেকুৱা?

চাহানুৰ: মই ৫০ মান দিম আৰু…..

ৰাজু: ‘নাই নাই, সেইটো হ’লে নালাগে দিয়া। সেইখিনি কথাৰ কাৰণেটো দিনে ৰাতিয়ে কামে কৰি আছো। তোমালোকে প্ৰফিট কৰিবলৈ আহা, আমাৰটো এনআৰএলত চকা এটাও চলি থকা নাই। টেটু ফালি ফালি ৰাস্তাত আমিয়ে চিঞৰিব লাগে ন।‘

ইপিনে, এই অডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পাছতে আমি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়,  ‘মোক ফোন কৰি এজনে কৈছে কথাটো, মই এনকুৱেৰি কৰিহে ক’ব পাৰিম।‘

ইয়াৰোপৰি প্ৰিন্স দলেৰ সৈতে এই সমগ্ৰ ঘটনা অৱগত কৰি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয়, ‘আপুনি মোৰ ফোন নম্বৰ কেনেকৈ পালে? অলপ ৰ’ব, মই গাড়ী চলাই আছো, পিছত কথা পাতিম।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm
আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

August 26, 2025 6:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd