ফেচবুকে হঠাতে ব্লক কৰি দিলে সকলো নিউজ চাইট ,ক’ত-কিয়?

facebook_icons_on_an

আজিৰ দিনটোত অষ্ট্ৰেলিয়াত কোনো দিনে নঘটা ঘটনা এটা ঘটিল।

ফেচবুকত উপলব্ধ সকলো নিঙজ চাইট মুহূতৰ ভিতৰতে অন্তৰ্ধান হৈ পৰাৰ ফলত ফেচবুকত বাতৰি পৰিব আৰু বাতৰি সম্পৰ্কীয় ভিডিঅ’ চাব বিচৰাসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল।

তাৎপৰ্যপূৰ্ণ ভাবে ফেচবুক কৰ্তৃপক্ষই নিউজ চাইট সমূহ বন্ধ কৰি দিয়াৰ সমান্তৰাল ভাবে অষ্ট্ৰেলিয়া চৰকাৰৰ কেতবোৰ অতি গুৰুত্বপূৰ্ণ বিভাগ যেনে স্বাস্থ্য, আৰক্ষী আদি বিভাগৰো পেজ ব্লক কৰি দিয়া হয়।

গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ পেজ ব্লক কৰাৰ বিষয়টোত অষ্ট্ৰেলিয়াৰ চৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ফেচবুক কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ বিভাগৰ পেজ ভুলক্ৰমেহে ব্লক কৰি দিয়া হৈছে বুলি স্পষ্টীকৰণ দিছে। নিউজ চাইটসমূহে কোনো আপত্তিজনক বাতৰি প্ৰচাৰ কৰাৰ বাবে সেই চাইটসমূহ বন্ধ কৰি দিয়া হোৱা নাই।

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ চৰকাৰে এখন আইন কৰিছে যিখন আইনৰ বাবে ছ’চিয়েল মিডিয়াত  উপলব্ধ নিউজৰ বাবে গুগল আৰু ফেচবুকে চৰকাৰক ধন দিব লাগিব।

সেই আইন খনৰ বিৰোধিতা কৰিয়েই ফেচবুক কৰ্তৃপক্ষই আজি সমগ্ৰ দেশ খনতে নিউজ চাইট সমূহ বন্ধ কৰি দিয়ে।

তথ্য অনুসৰি প্ৰতি মাহে প্ৰায় ১৭ নিযুত লোকে অষ্ট্ৰেলিয়াত ফেচবুকৰ জৰিয়তে নিউজ চায়।

ইপিনে নিউজৰ বিপৰীতে ধন আদায় দিয়াৰ বিষয়টোৰ ফেচবুকে বিৰোধিতা কৰিছে যদিও গুগলে শেহতীয়াকৈ ৰুপাৰ্ট মাৰ্ডকৰ নিউজ নেটৱৰ্কৰ সৈতে ধনৰ বিনিময় সম্পৰ্কীয় এখন চুক্তি কৰিছে।

সম্প্ৰতি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত প্ৰতি ১০০ ডলাৰ মূল্যৰ  বিজ্ঞাপনৰ ধনৰ ৮১ ডলাৰ ফেচবুক আৰু গুগললৈ যায়।

নতুন আইন খন কাৰ্যকৰী হ’লে ফেচবুক-গুগলে লাভ কৰা ধনৰ পৰিমাণ কমি যাব।সেইবাবেই আজি ফেচবুকে অষ্ট্ৰেলিয়াত বন্ধ কৰি দিয়ে সকলো নিউজ চাইট আৰু নিউজ পেজ।