NORTHEAST NOW (Assamese)

ফেচবুক কৰ্ণাৰ: কুলছুমাৰ কথা মনত পৰেনে? কুলছুমা বেগম?

March 1, 2023 6:02 pm · কৌশিক দাস
কুলছুমাৰ কথা মনত পৰেনে? কুলছুমা বেগম?
গৰ্ভৱতী আছিল কুলছুমা, পেটত বাচ্ছা আছিল। তাইৰ চুবুৰিত যেতিয়া উচ্ছেদ-অভিযান চলিছিল, তেতিয়া তাইৰ পেটত পৰিছিল বুটজোতাৰ প্ৰচণ্ড গোৰ। গোৰ খাই পেটৰ বাচ্ছাটো তেজেৰে সৈতে ওলাই আহিছিল। কুলছুমা মৰি গৈছিল। অলপ দিনৰ পাছত বাচ্ছাটোও মৰিছিল।
কথাটো প্ৰাচীন ৰোম কিম্বা মধ্যযুগৰ মংগোলৰ কথা নহয়। ২০১৯ চনৰ মাৰ্চ মাহৰ ১১ তাৰিখৰ অসমৰ ঘটনা আছিল সেয়া।
কুলছুমাৰ মৃত্যু আমি অসভ্যতাৰ দিশলৈ যোৱাৰ বাটৰ এটা টাৰ্নিং পইণ্ট, বা মাইলৰ খুটি। তেতিয়া তোমালোক নিশ্চুপ হৈ নাছিলা জানোঁ? তেনে নীৰৱতাৰ পৰিণতিতেই আজি কণমানি ল’ৰাটোৰ মুখেৰে ওলাইছে,”আংকুল…..”।
নিশ্চুপ-নিৰ্বাক হৈ হৈ এদিন “এনকাউণ্টাৰ”-ত মৰিবা।

Related News