ফেচবুক কৰ্ণাৰ: লেখকে সুন্দৰৰ সাধনা কৰিলেও তেওঁ সত্যক এৰাই চলিব নোৱাৰে

Facebook

জ্ঞানপীঠ বটাঁবিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্যই কৈছিল-“লেখকে সুন্দৰৰ সাধনা কৰিলেও তেওঁ সত্যক এৰাই চলিব নোৱাৰে । তেওঁ নিৰ্জনতা বা বন্ধ কোঠাত সাহিত্য সাধনা কৰিলেও সেই নিৰ্জনতা সমাজৰে দান । এতেকে সমাজ গঠনত সহায় নকৰিলে আন নাগৰিকৰ দৰে তেৱোঁ দোষৰ ভাগ বহন কৰিবলৈ বাধ্য । আমাৰ ভিতৰত যিবোৰ ক্ষুদ্ৰ আৰু সংকীৰ্ন বিৰোধ আজি দেখা দিছে ; সেইবোৰে আমাৰ মনুষ্যত্বও হৰন কৰিছে । মানৱতাৰ শত্ৰু স্বৰূপ ভালেমান অপশক্তিয়ে আমাৰ জীৱন নৰক সদৃশ কৰি তুলিছে । এই অসৎ শক্তিবোৰৰ বিৰুদ্ধে মাত মতা ; সিবিলাকৰ নগ্ন ৰূপ উদঙাই দিয়া লেখকসকলৰ প্ৰাথমিক কৰ্তব্য । আজিৰ যুগত কোনো সাহিত্যিক-শিল্পীয়েই দায়িত্বজ্ঞানহীন হৈ থাকিব নোৱাৰিব ; তেওঁলোক সদা জাগ্ৰত প্ৰহৰী হৈ থাকিব লাগিব । তাৰ বাবে তেওঁ সমাজৰ বা ৰাষ্ট্ৰৰ আদেশলৈ বাট চোৱাৰো প্ৰয়োজন নাই । কোৱা হয় যে এজন মহৎ লেখক এজন মহৎ বুদ্ধিজীৱিও । এতেকে তেনে লেখকে জাতিক নিজৰ মূৰ্খামিৰ বিষয়ে সজাগ কৰি দিবলৈ মুক্তমনা বাৰ্ণাড শ্বৰ দৰে নৈতিক দায়িত্ব মূৰ পাতি লবই লাগিব “। এতিয়া গ্ৰন্থ উৎসৱৰ বতৰত সকলোৱে নিজক সোধক – ৰাজ্যখনত আজি এইবিধৰ লেখক-সাহিত্যিক আছে কেইজন ! ভট্ৰাচাৰ্যদেৱে তাৰ উত্তৰো নিজে দিছে এনেকৈ- শ্ৰেয়তকৈ প্ৰেয়ৰ প্ৰতিহে আজিৰ লেখক-সাহিত্যিকসকলৰ লক্ষ্য ধাবিত। এদল শিয়াল ; স্বাৰ্থপৰ আৰু সাংসাৰিক ভোগ-বিলাস আহৰনত মত্ত লেখক-সাহিত্যিকে বৌদ্ধিক জগতৰ স্থান দখল কৰি লৈছে আৰু সমাজত অপইতা সংস্কৃতিৰ পোহাৰ মেলিছে।