• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত ফেচবুকৰ সম্পৰ্কেৰে মহিলাৰ ঘনিষ্ঠ হ’ব খোজা যুৱকক প্ৰহাৰ : এজাহাৰত বিধায়ক দিলীপ পালৰ নাম

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
September 3, 2018 7:54 pm
Silchar_Moral_Policing

ঘটনাস্থলত শিলচৰৰ বিধায়ক দিলীপ পালক দেখা গৈছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰত ফেচবুকৰ সম্পৰ্কৰ চলেৰে এগৰাকী বিবাহিত মহিলাৰ ঘনিষ্ঠ হ’ব খোজা এজন যুৱকক কৌশলেৰে ফান্দত পেলাই প্ৰহাৰ কৰা ঘটনাটোত শিলচৰৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বিধায়ক দিলীপ পালৰ নাম সাঙোৰ খাই পৰিছে।

জাবাদ হাছান লস্কৰ নামৰ যুৱকজনক মাৰপিট কৰাৰ অভিযোগ তুলি তেওঁৰ দেউতাক নইমূল ইচলাম লস্কৰে ২ আগষ্টৰ নিশা শিলচৰ সদৰ থানাত বিধায়কজনৰ লগতে তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু কেইজনমান যুৱকৰ বিৰুদ্ধে শিলচৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। অৱশ্যে এজাহাৰখন পিছত বুজাবুজিৰে উঠাই লোৱা হৈছে।

কিন্তু মাৰপিট কৰা সময়ৰ দৃশ্য সম্বলিত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত বিধায়কজনৰ স্থিতিক লৈ চৰ্চা হৈছে। ভিডিঅ’টোৰ দৃশ্যই ইয়াক ম’ৰেল পুলিচিঙৰ ঘটনা বুলি ভাবিবলৈ মানুহক বাধ্য কৰাইছে। আনহাতে যুৱকজনক আগুৰি লৈ মাৰপিট কৰি থকা উত্তেজিত জুমটোৰ মাজত ব্যক্তিগত সুৰক্ষাকৰ্মীৰ সহিতে বিধায়কজনকো দেখা গৈছে।

স্থানীয় সূত্ৰই কোৱা মতে, জাবাদ নামৰ ২০-২২ বছৰীয়া যুৱকজনে কিছু দিনৰ পূৰ্বে অঞ্চলটোৰ এগৰাকী বিবাহিত মহিলালৈ বুলি ফেইচবুক বন্ধুত্বৰ অনুৰোধ প্ৰেৰণ কৰে। মহিলাগৰাকীয়েও সেয়া গ্ৰহণ কৰে। তাতে উৎফুল্ল হৈ পৰে যুৱকজন আৰু সঘন বাৰ্তা বিনিময়েৰে সম্পৰ্কটোক অধিক মিঠা কৰাৰ চেষ্টা কৰে।

মহিলাগৰাকীয়ে অৱশ্যে সকলো কথা নিজৰ স্বামীক অৱগত কৰে আৰু জাবাদক তেওঁ চিনি পায় নেকি সেয়াও সোধে। মহিলাগৰাকীৰ গিৰীয়েকে চিনি নাপায় যদিও তেওঁ মহিলাগৰাকীৰ জাবাদৰ সৈতে কথা-বতৰাত বাধা নিদিয়ে।

FIR
শিলচৰ সদৰ থানাত ভুক্তভোগীৰ দেউতাকে দিয়া এজাহাৰখনৰ প্ৰতিলিপি।

সুযোগ বুজি জাবাদে মহিলাগৰাকীক ডেটিঙৰ বাবে প্ৰস্তাৱ দিয়ে। সেয়াই আছিল জাবাদে মাৰ খোৱাৰ বাবে নিজে বাছি লোৱা পথ।

মহিলাগৰাকী আৰু তেওঁৰ গিৰীয়েকে আঁচনি কৰি নিৰ্ধাৰিত সময়ত অম্বিকাপট্টী চৌৰংগীত লগ কৰিবলৈ তেওঁক জনায়, য’ত মহিলাগৰাকীৰ গিৰীয়েক আন বহুকেইজন স্থানীয় যুৱকৰ সৈতে ৰৈ আছিল।

নিৰ্ধাৰিত সময়ত এখন চিকচাক এ চি গাড়ীৰে মহিলাগৰাকীক লগ কৰিবলৈ উক্ত স্থানত উপস্থিত হোৱা জাবাদক আটাইকেইজনে গাড়ীৰ পৰা টানি চোঁচৰাই আনে আৰু গুৰুলাগুৰুলকৈ পিটন দিয়ে। তেওঁলোকে যুৱকজনৰ কাণ্ডক লাভ জিহাদ আখ্যা দিয়ে। মন কৰিব লগীয়া যে মাৰপিট কৰাই নহয়, তেওঁলোকে মাৰপিটৰ ঘটনাটো ফেচবুক লাইভ হিচাপে প্ৰচাৰ কৰিছিল আৰু এয়া যুৱকজনৰ লাভ জিহাদ বুলি দাবী কৰিছিল।

সেই সময়তে বিধায়ক দিলীপ পাল তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীজনৰ সৈতে তাত উপস্থিত হয়। বিধায়কজনৰ ঘৰ ঘটনাস্থলৰ পৰা মাত্ৰ ২০০ মিটাৰৰ দূৰত।

বিধায়কজনে নিজে মাৰপিটত লিপ্ত নহ’লেও যুৱকজনক ম’ৰেল পুলিচগিৰিৰ পৰা বচোৱাৰ কোনো চেষ্টা কৰা দেখা নগ’ল। বৰং তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীজনক সহযোগ কৰাহে দেখা গ’ল। অলপ পিছতে আৰক্ষী উপস্থিত হৈ যুৱকজনক থানালৈ লৈ যায় আৰু ৰাতিটো লকআপত ৰাখে।

পিছত উক্ত ৰাতিয়ে জাবাদৰ দেউতাক নইমূল ইচলাম লস্কৰে বিধায়কজন আৰু তেওঁৰ সমৰ্থক কেইজনমান তথা নিৰাপত্তাৰক্ষীজনৰ বিৰুদ্ধে তেওঁৰ পুতেকক মিছাকৈ লাভ জিহাদৰ অভিযোগত মাৰপিট কৰা বুলি এজাহাৰ দিয়ে।

যি নহওক আজি দুপৰীয়াৰ ভাগত দুয়ো পক্ষৰ বুজাবুজিৰ পিছত এজাহাৰ প্ৰত্যাহাৰ কৰাৰ লগতে যুৱকজনক থানাৰ পৰা মুকলি কৰি দিয়া হয়।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd