NORTHEAST NOW (Assamese)

সপ্তাহ ধৰি ব্লক হৈ আছে ভাৰতীয় সেনাৰ চিনাৰ কৰ্পৰ ফেচবুক, ইনষ্টাগ্ৰাম পেজ

February 9, 2022 7:12 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় সেনাৰ চিনাৰ কৰ্পৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট তথা পেজসমূহ প্ৰায় এসপ্তাহৰো অধিক সময় ধৰি ব্লক হৈ আছে। সেনা আৰু চোৰাংচোৱা সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

এই বিষয়ে ফেচবুকৰ সন্মুখত উত্থাপন কৰা হৈছে যদিও বৰ্তমানলৈকে কোনো সঁহাৰি পোৱা নাই বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

“আপুনি অনুসৰণ কৰা এই লিংক অস্থায়ী হ’ব পাৰে বা পেজটো আঁতৰ কৰা হ’ব পাৰে।” -চিনাৰ কৰ্পৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম দুয়োটা পেজতে এইদৰে উল্লেখ কৰা হৈছে।

একেটা মূল প্ৰতিষ্ঠান মেটাৰ মালিকানাধীন ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দ্বাৰা ভাৰতীয় সেনাৰ এই একাউণ্ট তথা পেজসমূহ কিয় ব্লক কৰা হৈছে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই।

সূত্ৰ অনুসৰি, চিনাৰ কৰ্পছে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা বাতৰি আৰু মিছা কথাৰ প্ৰতিৰোধ কৰিবলৈ আৰু জম্মু-কাশ্মীৰৰ প্ৰকৃত স্থল পৰিস্থিতি উপস্থাপন কৰিবলৈ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজসমূহৰ সৃষ্টি কৰিছিল।

Related News