সমগ্ৰ অসমত খলকনি তোলা নগাঁও এনকাউণ্টাৰ যে ভুৱা আছিল, সেইয়া এক কথাত প্ৰায় প্ৰতীয়মান হৈছে। উক্ত ঘটনাৰ তদন্ত কৰি থকা অনুসন্ধান আয়োগৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্যৰ গৃহ বিভাগে ডিজিপিক এজন উপ-পৰিদৰ্শকক তৎক্ষণাৎ নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে।
চৰকাৰে ডিজিপিক এছপিৰ বাহিৰে নগাঁওৰ এণ্টি-নাৰ্কোটিক স্কোৱাডৰ সকলো সদস্যক তৎক্ষণাৎ নগাঁও জিলাৰ বাহিৰলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
অসম চৰকাৰে অসমৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত এজনীয়া অনুসন্ধান আয়োগে দাখিল কৰা তদন্ত প্ৰতিবেদন গ্ৰহণ কৰিছে বুলি মঙলবাৰে এক চৰকাৰী বিবৃতিত কোৱা হৈছে।
২২ জানুৱাৰীত নগাঁৱৰ কাচোলুখোৱা টিনিয়ালীত নাৰ্কোটিক স্কোৱাডৰ আৰক্ষী কৰ্মীয়ে গুলীচালনা কৰাৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে ২৩ জানুৱাৰীত এক-জনীয়া তদন্ত আয়োগ গঠন কৰিছিল।
আৰক্ষীৰ গুলীত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কীৰ্তি কমল বৰা আহত হৈছিল।

অনুসন্ধান সমিতিৰ পৰামৰ্শৰ ওপৰত আধাৰিত কৰি, ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগে ডিজিপিক গুলীচালনাৰ ঘটনাসন্দৰ্ভত কেইবাটাও ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে, বিবৃতিটোত উল্লেখ কৰা হৈছে।
গৃহ বিভাগে অসমৰ ডিজিপিক নগাঁৱৰ এছপিৰ দ্বাৰা গঠন কৰা এণ্টি নাৰ্কোটিক স্কোৱাডৰ বৰ্তমানৰ দলটো তৎক্ষণাৎ ভাঙি দিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে বুলি ইয়াত উল্লেখ কৰা হৈছে।
চৰকাৰে এবিএছআই প্ৰদীপ বনিয়া আৰু নীলকমল বৰাৰ দ্বাৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত দুয়োটা গোচৰ চিআইডিলৈ স্থানান্তৰ কৰিবলৈও নিৰ্দেশ দিছে।
লগতে, ঘটনাটোৰ সৈতে জড়িত প্ৰতিজন আৰক্ষী বিষয়াই পালন কৰা ভূমিকা সম্পৰ্কে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা বিভাগীয় তদন্ত কৰিবলৈ কোৱা হয়।
উপ পৰিদৰ্শক প্ৰদীপ বনিয়াক তৎক্ষণাৎ নিলম্বন কৰাৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ বাহিৰে নগাঁওৰ এণ্টি-নাৰ্কোটিক স্কোৱাডৰ সকলো সদস্যক তৎক্ষণাৎ নগাঁও জিলাৰ বাহিৰলৈ স্থানান্তৰ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে।
তদুপৰি আৰক্ষী সঞ্চালক প্ৰধানক গোচৰটোৰ সাক্ষীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিৰ্ণয় কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত পৰ্যাপ্ত সজাগতা সৃষ্টি কৰাৰ বাবে আৰু ড্ৰাগছ সম্পৰ্কীয় সকলো গোচৰৰ ওপৰত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰাৰ বাবে আৰক্ষী কৰ্তৃপক্ষক ব্যৱস্থা ল’বলৈও কোৱা হৈছে।
ডিজিপিক অতি সোনকালে গৃহ আৰু ৰাজনৈতিক বিভাগক গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবেদন জনোৱাৰ নিৰ্দেশ দিয়া হৈছে বুলিও বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।
উল্লেখ্য যে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই এনকাউণ্টাৰ সন্দৰ্ভত ছাত্ৰ নেতাজনৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। লগতে ঘটনাৰ বুজ নোলোৱাকৈয়ে সংবাদ মাধ্যম বা জনসাধাৰণে আৱেগিক হৈ যিকোনো মন্তব্য কৰিছে বুলিও উল্লেখ কৰিছিল।
এতিয়া অনুসন্ধান আয়োগৰ এই প্ৰতিবেদনে আনন্দ মিশ্ৰৰ এই মিথ্যাচাৰিতা প্ৰায় ফাদিল কৰিছে। মিথ্যাৰ আশ্ৰয় লৈ এক ভুৱা এনকাউণ্টাৰক নায্যতা দিবলৈ চেষ্টা কৰা এই আৰক্ষী অধীক্ষক জনৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয় সেয়া লক্ষ্যণীয় হ’ব।