• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও ভুৱা এনকাউণ্টাৰ: আৰক্ষী উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 9:30 pm
Nagaon encounter
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমত খলকনি তোলা নগাঁও এনকাউণ্টাৰ যে ভুৱা আছিল, সেইয়া এক কথাত প্ৰায় প্ৰতীয়মান হৈছে। উক্ত ঘটনাৰ তদন্ত কৰি থকা অনুসন্ধান আয়োগৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্যৰ গৃহ বিভাগে ডিজিপিক এজন উপ-পৰিদৰ্শকক তৎক্ষণাৎ নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে।

চৰকাৰে ডিজিপিক এছপিৰ বাহিৰে নগাঁওৰ এণ্টি-নাৰ্কোটিক স্কোৱাডৰ সকলো সদস্যক তৎক্ষণাৎ নগাঁও জিলাৰ বাহিৰলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

অসম চৰকাৰে অসমৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত এজনীয়া অনুসন্ধান আয়োগে দাখিল কৰা তদন্ত প্ৰতিবেদন গ্ৰহণ কৰিছে বুলি মঙলবাৰে এক চৰকাৰী বিবৃতিত কোৱা হৈছে।

২২ জানুৱাৰীত নগাঁৱৰ কাচোলুখোৱা টিনিয়ালীত নাৰ্কোটিক স্কোৱাডৰ আৰক্ষী কৰ্মীয়ে গুলীচালনা কৰাৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে ২৩ জানুৱাৰীত এক-জনীয়া তদন্ত আয়োগ গঠন কৰিছিল।

আৰক্ষীৰ গুলীত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক কীৰ্তি কমল বৰা আহত হৈছিল।

অনুসন্ধান সমিতিৰ পৰামৰ্শৰ ওপৰত আধাৰিত কৰি, ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগে ডিজিপিক গুলীচালনাৰ ঘটনাসন্দৰ্ভত কেইবাটাও ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে, বিবৃতিটোত উল্লেখ কৰা হৈছে।

গৃহ বিভাগে অসমৰ ডিজিপিক নগাঁৱৰ এছপিৰ দ্বাৰা গঠন কৰা এণ্টি নাৰ্কোটিক স্কোৱাডৰ বৰ্তমানৰ দলটো তৎক্ষণাৎ ভাঙি দিয়াৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে বুলি ইয়াত উল্লেখ কৰা হৈছে।

চৰকাৰে এবিএছআই প্ৰদীপ বনিয়া আৰু নীলকমল বৰাৰ দ্বাৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত দুয়োটা গোচৰ চিআইডিলৈ স্থানান্তৰ কৰিবলৈও নিৰ্দেশ দিছে।

লগতে, ঘটনাটোৰ সৈতে জড়িত প্ৰতিজন আৰক্ষী বিষয়াই পালন কৰা ভূমিকা সম্পৰ্কে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা বিভাগীয় তদন্ত কৰিবলৈ কোৱা হয়।

উপ পৰিদৰ্শক প্ৰদীপ বনিয়াক তৎক্ষণাৎ নিলম্বন কৰাৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ বাহিৰে নগাঁওৰ এণ্টি-নাৰ্কোটিক স্কোৱাডৰ সকলো সদস্যক তৎক্ষণাৎ নগাঁও জিলাৰ বাহিৰলৈ স্থানান্তৰ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে।

তদুপৰি আৰক্ষী সঞ্চালক প্ৰধানক গোচৰটোৰ সাক্ষীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিৰ্ণয় কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত পৰ্যাপ্ত সজাগতা সৃষ্টি কৰাৰ বাবে আৰু ড্ৰাগছ সম্পৰ্কীয় সকলো গোচৰৰ ওপৰত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰাৰ বাবে আৰক্ষী কৰ্তৃপক্ষক ব্যৱস্থা ল’বলৈও কোৱা হৈছে।

ডিজিপিক অতি সোনকালে গৃহ আৰু ৰাজনৈতিক বিভাগক গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবেদন জনোৱাৰ নিৰ্দেশ দিয়া হৈছে বুলিও বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই এনকাউণ্টাৰ সন্দৰ্ভত ছাত্ৰ নেতাজনৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। লগতে ঘটনাৰ বুজ নোলোৱাকৈয়ে সংবাদ মাধ্যম বা জনসাধাৰণে আৱেগিক হৈ যিকোনো মন্তব্য কৰিছে বুলিও উল্লেখ কৰিছিল।

এতিয়া অনুসন্ধান আয়োগৰ এই প্ৰতিবেদনে আনন্দ মিশ্ৰৰ এই মিথ্যাচাৰিতা প্ৰায় ফাদিল কৰিছে। মিথ্যাৰ আশ্ৰয় লৈ এক ভুৱা এনকাউণ্টাৰক নায্যতা দিবলৈ চেষ্টা কৰা এই আৰক্ষী অধীক্ষক জনৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয় সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd