ড’নাল্ড ট্ৰাম্পৰ ওপৰত ফেইচবুকৰ নিষেধাজ্ঞা : ৫ মে’ত সিদ্ধান্ত ঘোষণা কৰিব ফেইচবুকে

957505-951965-885694-donald-trump

বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী আৰু জনপ্ৰিয় সামাজিক মাধ্যমৰ প্লেটফৰ্ম ফেইচবুক আৰু ইনষ্টাগ্ৰামৰ নিষেধাজ্ঞাৰ সন্মুখীন হৈ আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

যোৱা ৬ জানুৱাৰীত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনৰ কেপিটাল বিল্ডিঙত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ফেইচবুক আৰু ইনষ্টাগ্ৰামত নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল।

ফেইচবুকে ড’নাল্ড ট্ৰাম্পে তেওঁৰ অনুৰাগীসকলক হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ উৎসাহিত কৰা বুলি অভিযোগ কৰি অনিৰ্দিষ্ট কালৰ বাবে ফেইচবুক আৰু ইনষ্টাগ্ৰামত নিষিদ্ধ কৰিছিল।

ফেইচবুক কৰ্তপক্ষই পিছত ড’নাল্ড ট্ৰাম্পৰ বিষয়টো তদন্ত কৰিবলৈ এখন অ’ভাৰছাইট বোৰ্ড গঠন কৰি দিয়ে।

উক্ত বোৰ্ডখনে সমগ্ৰ বিষয়টো তদন্ত কৰাৰ অন্তত অহা ৫ মে’ত ড’নাল্ড ট্ৰাম্পৰ ফেইচবুক আৰু ইনষ্টাগ্ৰাম নিষেধাজ্ঞাৰ ওপৰত গ্ৰহণ কৰা সিদ্ধান্ত ঘোষণা কৰিব।