কংগ্ৰেছ-বিজেপিৰ সৈতে সম্পৰ্ক থকা ৭০০-ৰো অধিক পেইজ, একাউণ্ট ডিলিট কৰিলে ফেইচবুকে

FaceBook Remove Pages and Accounts

প্ৰতিনিধিত্বমূলক ফটো।

আগন্তুক নিৰ্বাচনৰ পৃষ্ঠভূমিত ভাৰতৰ ৰাজনীতিক প্ৰভাৱিত কৰাৰ পৰা ফেইচবুক প্লেটফ’ৰ্মক যথাসম্ভৱ দূৰত ৰখাৰ পন্থা হিচাপে ভাৰতৰ পৰা চালিত ৭০০ –ৰো অধিক পেইজ আৰু একাউণ্ট ডিলিট কৰিছে ফেইচবুক কৰ্তৃপক্ষই। এইবোৰ ডিলিট কৰা বুলি ঘোষণা কৰি এই পেইজ আৰু একাউণ্টবোৰ কংগ্ৰেছ আৰু বিজেপিৰ আই টি কোষৰ সৈতে সম্পৰ্কিত বুলি কোৱা হৈছে।

এইবোৰৰ ভিতৰত ৫৪৯টা একাউণ্ট আৰু ১৩৮টা পেইজ কংগ্ৰেছৰ সৈতে সম্পৰ্কিত আৰু এইবোৰক “পাৰস্পৰিক সম্পৰ্কযুক্ত তথা অবিশ্বাসযোগ্য আচৰণৰ” (coordinated inauthentic behavior) বুলি অভিহিত কৰিছে ফেইচবুক কৰ্তৃপক্ষই।

একেদৰে ফেইচবুক কৰ্তৃপক্ষই বিজেপিৰ সৈতে সম্পৰ্কিত বুলি জনাজাত আই টি সেৱা আগবঢ়োৱা ফাৰ্ম Silver Touch-অৰ সৈতে সম্পৰ্কিত কিছু সংখ্যক একাউণ্ট আৰু পেইজো ডিলিট কৰে। এইবোৰত অন্যান্য বিষয়বস্তুৰ লগতে বিজেপি বিষয়ক বিষয়বস্তু প্ৰকাশ কৰাৰ উপৰি গেৰুৱা দলটোৰ ৰাজনৈতিক শত্ৰুৰ ত্ৰুটি-বিচ্যুতি প্ৰকাশ কৰি আহিছে বুলি জানিবলৈ দিয়ে।

বিজেপিয়ে প্ৰমোট কৰা এটা এপৰ সৈতে সম্পৰ্ক থকা কিছু সংখ্যক একাউণ্টো ই ডিলিট কৰা বুলি দাবী কৰে।

“আমি আজি ডিলিট কৰা দুয়োটা প্ৰচাৰ অভিযানৰ মাজত কোনো সম্পৰ্ক বিচাৰি পোৱা নাই। কিন্তু দুয়োটাই বিভিন্ন একাউণ্টৰ একোখন জাল (নে’টৱৰ্ক) তৈয়াৰ কৰি আনক বিভ্ৰান্ত কৰাৰ একে ধৰণৰ কৌশল ব্যৱহাৰ কৰা দেখা গৈছে” (“We didn’t find any links between the campaigns we’ve removed today, but they used similar tactics by creating networks of accounts to mislead others,”), স্পষ্টীকৰণ বুলি গণ্য কৰিব পৰা এটা টোকাত ফেইচবুকৰ চাইবাৰ ছিকিউৰিটি নীতিৰ মুৰব্বী নাথানিয়েল গ্লেচিয়েৰে কয়।

গ্লেচিয়েৰে লগতে জনায়, ফেইচবুকে আচৰণ (বিহেভিয়ৰ)ৰ ভিত্তিতহে একাউণ্ট ডিলিট কৰে, ইয়াৰ বিষয়বস্তুৰ ভিত্তিত নহয়।

আজিৰ পদক্ষেপটো ভাৰতৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অঞ্চলটোত কৰা “অভ্যন্তৰীণ অনুসন্ধান”ৰ পিছত লোৱা হৈছে বুলিও তেওঁ স্পষ্ট কৰে।

ইপিনে ফেইচবুকৰ এই গুৰুত্বপূৰ্ণ ঘোষণাটোৰ পিছতে ভাবমূৰ্তিৰ ক্ষতি হোৱাৰ শংকাত ভোগা কংগ্ৰেছে দলটোৰ টুইটাৰ হেণ্ডেলত স্পষ্ট কৰিছে যে কংগ্ৰেছৰ দ্বাৰা চালিত কোনো অফিচিয়েল পেইজ বন্ধ হোৱা নাই। “লগতে আমাৰ ভেৰিফাইড ভলণ্টিয়াৰসকলৰ দ্বাৰা চালিত সকলো পেইজ অক্ষত আছে”, টুইটাৰ-স্পষ্টীকৰণটোত কোৱা হয়।

দলটোৱে ফেইচবুকৰ পৰা তেওঁলোকে বন্ধ কৰা বুলি দাবী কৰা পেইজ/একাউণ্টৰ তালিকা বিচাৰিছে আৰু এই সন্দৰ্ভত সঁহাৰি পাবলৈ বাট চাই আছে বুলিও কোৱা হৈছে।

The Quint (দ্দা কুইণ্ট) নামৰ এটা নিউজ প’ৰ্টেলে প্ৰকাশ কৰা মতে, বন্ধ কৰা কংগ্ৰেছৰ পেইজ/একাউণ্টবোৰৰ সৈতে প্ৰায় ২ লাখ একাউণ্টছৰ সম্পৰ্ক আছিল। বিজেপিৰ পেইজ/একাউণ্টবোৰৰ সৈতে সম্পৰ্ক আছিল প্ৰায় ২৬ লাখ একাউণ্টৰ।

একেটা প্ৰতিবেদনতে নিউজ প’ৰ্টেলটোৱে দাবী কৰিছে যে দেশৰ বৃহৎ আৰু প্ৰধান ৰাষ্ট্ৰীয় দল দুটাই ফেইচবুকত প্ৰকাশ কৰা দলৰ প্ৰচাৰমূলক বিজ্ঞাপনৰ মূল্য হ’ল : বিজেপি- প্ৰায় ৭০ হাজাৰ এমেৰিকান ডলাৰ আৰু কংগ্ৰেছ- প্ৰায় ৩৯ হাজাৰ এমেৰিকান ডলাৰ।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতত ফেইচবুকৰ প্ৰায় ৩০ কোটি য়ুজাৰ আছে, যিটো বিশ্বৰ যিকোনো দেশৰ ক্ষেত্ৰতে সৰ্বাধিক। দুয়োটা দলেই এই য়ুজাৰসকলৰ মনত নিজৰ প্ৰভাৱ বৃদ্ধি কৰাৰ বাবে ছ’চিয়েল মিডিয়াক ব্যৱহাৰ কৰি আহিছে। অহা ১১ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত ভাৰতত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

ফেইচবুক কৰ্তৃপক্ষৰ দাবী, তেওঁলোকে পাকিস্তানৰো কিছু সংখ্যক পেইজ আৰু একাউণ্ট বন্ধ কৰিছে। এইবোৰৰ বেছিভাগ পাকিস্তানৰ এটা মিলিটেৰি য়ুনিটত নিয়োজিত লোকৰ সৈতে সম্পৰ্কিত।

অলপতে ৰাছিয়া, ইৰান আৰু ফিলিপাইনছৰ ক্ষেত্ৰতো ফেইচবুক কৰ্তৃপক্ষই একে ধৰণৰ কিছুমান পদক্ষেপ লৈছিল।