NORTHEAST NOW (Assamese)

ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান সুখেৰে উপভোগ কৰিব নোৱাৰিলে ভাৰতীয় দৰ্শকে, কিয়?

November 21, 2022 4:03 pm · এন ই নাও নিউজ,গুৱাহাটী

৩২ খন দেশৰ উপস্থিতিত কাটাৰত অনুষ্ঠিত হৈছে  ফুটবলৰ মহাৰণ। এনে সময়তে ভাৰতৰ বহু লোকে তেওঁলোকৰ মোবাইল ফোনত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানটো সুখেৰে উপভোগ কৰিব নোৱাৰিলে।

ইয়াকে লৈ ভাৰতীয় দৰ্শক একাংশই তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰা দেখা গৈছে। দৰাচলতে জিঅ’ চিনেমা এপত ফুটবল বিশ্বকাপ সম্প্ৰচাৰ কৰা হৈছিল।

কিন্তু জিঅ’ৰ পয়ালগা সেৱাৰ বাবে বহু দৰ্শকে মোবাইল ফোনত অনুষ্ঠান উপভোগ কৰিব নোৱাৰিলে।। এপটোত দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবে অনুষ্ঠান সম্প্ৰচাৰত বাধা আহি পৰিল।

দৰ্শকৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে জিঅ’ চিনেমাই দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছে। কোম্পানীটোৱে কৈছে যে তেওঁলোকে যথা সম্ভৱ শীঘ্ৰে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব।
ফউল্লেখ্য ৰিলায়েন্সৰ আন এক শাখা ভায়াকম ১৮-ক ভাৰতৰ টেলিভিছনত ফুটবল বিশ্বকাপ সম্প্ৰচাৰৰ দায়িত্ব দিয়া হৈছে। খেলখন স্পৰ্টছ ১৮ চেনেলত সম্প্ৰচাৰ কৰা হৈছে।

এক বিবৃতিত জিঅ’ চিনেমাই কৈছে, “আমি আপোনাক বিশ্বকাপখন ভালদৰে দেখুৱাবলৈ যথাসাধ্য চেষ্টা কৰি আছোঁ। অনুগ্ৰহ কৰি আপোনাৰ ম’বাইলত জিঅ’ চিনেমাৰ আটাইতকৈ উন্নত সংস্কৰণটো ইনষ্টল কৰক। সম্প্ৰচাৰৰ সমস্যাৰ বাবে আমি ক্ষমা বিচাৰিছো। ”

Related News