• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰৱঞ্চনাৰ আজৱ জাল: মহাকাশচাৰীৰ পৰিচয় দি মহাকাশৰ পৰা উভতাৰ সহায়ৰ নামত মহিলাৰ পৰা লুটিলে ২৪ লাখ টকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2022 10:24 pm
Fake Astronaut
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো লোকক প্ৰৱঞ্চনাৰ বাবে কু-বুদ্ধিৰ প্ৰৱঞ্চকে নানা উপায় অৱলম্বন কৰে। এনে প্ৰৱঞ্চকৰ জালত ভৰি দি বহু সময়ত বিয়াগোম লোকচানৰ সন্মুখীন হয় সাধাৰণ লোক। প্ৰৱঞ্চনাৰ বাবে এই ধূৰ্ত লোকসকলে নানা আজৱ উপায় গ্ৰহণ কৰাৰ বিষয়ে সকলোৰে জ্ঞাত।

কিন্তু প্ৰৱঞ্চনাৰ ফান্দত পেলোৱাৰ বাবে মহাকাশচাৰীৰ ৰূপ লোৱাৰ কথা কেতিয়াবা শুনিছে নে! এই আজৱ উপায় অৱলম্বন কৰিয়ে এক প্ৰৱঞ্চকে এগৰাকী মহিলাৰ পৰা লুটিছে ২৪ লাখ টকা। এই অদ্ভুত কাণ্ড সংঘটিত হৈছে জাপানত।

Apply Now

এক ভুৱা মহাকাশচাৰীয়ে পেলোৱা ফান্দত ভৰি দি দেশখনৰ এগৰাকী মহিলাই হেৰুৱাইছে ২৪ লাখ টকা। জাপানৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্ক ইনষ্টাগ্ৰামত মহাকাশচাৰীৰ পৰিচয় দিয়া এগৰাকী ব্যক্তিয়ে সংঘটিত কৰিছে এই আজৱ কাণ্ড।

ইনষ্টাগ্ৰামত ৰাছিয়াৰ মহাকাশচাৰীৰ পোছাক পৰিধান কৰি ফটো আপলোড কৰা ব্যক্তিগৰাকীয়ে জাপানৰ মহিলাগৰাকীৰ সৈতে চিনাকি হয়। তাৰ পাছতে দুয়োৰে মাজত এক সু-সম্পৰ্ক গঢ় লৈ উঠে।

জাপানৰ ছিগা পাৰফেকচাৰৰ বাসিন্দা এই ৬৫ বৰ্ষীয় মহিলাগৰাকীৰ যোৱা জুন মাহত এই ভুৱা মহাকাশচাৰীগৰাকীৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল। প্ৰৱঞ্চক গৰাকীয়ে মহিলাগৰাকীক তেওঁ এটা স্পেচ ষ্টেচনত কাম কৰে বুলি জানিবলৈ দিয়ে।

কিছুদিন ধৰি ইনষ্টাগ্ৰামত কথা পতাৰ পাছত দুয়োগৰাকী প্ৰেমৰ বান্ধোনত বান্ধ খায়। আনকি ৬৫ বছৰ বয়সীয়া মহিলাগৰাকীক বিয়া পতাৰো প্ৰতিশ্ৰুতি দিয়ে প্ৰৱঞ্চকজনে।

কথা প্ৰসঙ্গতে প্ৰৱঞ্চকগৰাকীয়ে মহিলাগৰাকীক জাপানত এক নতুন জীৱন কটোৱাৰ ইচ্ছাৰ বিষয়ে প্ৰকাশ কৰে। কিন্তু পৃথিৱীৰ বাহিৰৰ এটা স্পেছ ষ্টেশ্যনত কাম কৰাৰ বাবে তেওঁৰ এই ইচ্ছা পূৰণত অসুবিধা হোৱা বুলি উল্লেখ কৰি পৃথিৱীলৈ উভটিবলৈ তেওঁক যথেষ্ট টকাৰ প্ৰয়োজন বুলি দুখ প্ৰকাশ কৰে।

যদি মহিলাগৰাকীয়ে তেওঁক ৪.৪ মিলিয়ন জাপানীজ য়েন প্ৰদান কৰে, তেতিয়া তেওঁ এটা ৰকেটৰ সহায়ত মহাকাশৰ পৰা পোনে পোনে জাপানত অৱতৰণ কৰিব পাৰিব আৰু তাৰপাছতে দুয়ো বিবাহপাশত আৱদ্ধ হ’ব বুলি প্ৰৱঞ্চক গৰাকীয়ে মহিলাগৰাকীক ভুৱা স্বপ্ন দেখায়।

ব্যক্তিগৰাকীৰ প্ৰতিশ্ৰুতিত ভোল গৈ মহিলাগৰাকীয়েও তেওঁক ১৯ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰৰ ভিতৰত এই টকাখিনি দিয়ে। ভাৰতীয় হিচাপত এই টকাখিনিৰ মূল্য হ’ব ২৪.৮ লাখ টকা। কিন্তু টকাখিনি পোৱাৰ পাছতো প্ৰৱঞ্চকগৰাকীয়ে মহিলাগৰাকীক আৰু অধিক টকা বিচাৰে।

তেওঁৰ এই আচৰণত মহিলাগৰাকীৰ মনত ক্ৰমে সন্দেহৰ সৃষ্টি হয় আৰু আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ অনুসন্ধানতে এই সমগ্ৰ প্ৰৱঞ্চনাৰ জালখন ফাদিল হয়। আৰক্ষীৰ তদন্ততহে তেওঁক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়া ভুৱা মহাকাশচাৰীজন যে এজন প্ৰৱঞ্চকহে সেই কথা মহিলাগৰাকীয়ে জানিব পাৰে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ভুৱা মহাকাশচাৰী ৰূপী প্ৰৱঞ্চকগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে জাপান আৰক্ষীয়ে। প্ৰৱঞ্চক গৰাকীৰ এই আজৱ কাণ্ড এতিয়া বিশ্বজুৰি চৰ্চিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd