কেন্দ্রীয় চৰকাৰ আৰু ৰিজার্ভ বেংকে দেশত জাল নোট প্রতিৰোধৰ বাবে যিমানেই ব্যৱস্থা গ্রহণ নকৰক কিয়, বাস্তৱ পৰিস্থিতিৰ পৰা অনুমান কৰিব পাৰি যে এইক্ষেত্ৰত কোনো কাম হোৱা নাই। ২০১৮-১৯ৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত পাঁচ বছৰত দেশত ৫০০ টকীয়া জাল নোটৰ সংখ্যা চাৰিগুণ বৃদ্ধি পাইছে।
ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকে যিমানেই ২০০০ টকীয়া নোট ওভতাই নিনিয়ক কিয়, পৰিসংখ্যা অনুসৰি ২০২০-২১ চনৰ পৰা পৰৱৰ্তী ৩ বছৰত প্ৰচলনত ২০০০ টকীয়া জাল নোটৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে।
শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰচাৰ কৰা এক টোকাত এনে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই পৰিসংখ্যা দাখিল কৰে।
মন্ত্ৰীগৰাকীয়ে ২০১৮-১৯ চনত দেশত ২১,৮৬৫ মিলিয়ন খন ৫০০ টকীয়া নোট প্ৰচলিত প্ৰচলন হৈ থকা বুলি দাবী কৰাৰ বিপৰীতে ২০২২-২৩ চনত ই সৰ্বাধিক ৯১,১১১ মিলিয়ন খনত উপনীত হয়। যদিও ২০২৩-২৪ বিত্তীয় বৰ্ষত ই সামান্য হ্ৰাস পাইছে, তথাপিও দৈনিক ব্যৱহাৰ, খুচুৰা লেনদেনত ২০১৮-১৯ চনৰ তুলনাত ই চাৰিগুণতকৈ অধিক (৮৫,৭১১) হৈছে।
যদিও দুহাজাৰ নোটৰ ক্ষেত্ৰত এই সংখ্যা ইমান বেছি নহয়, তথাপিও মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ই বহু পিছ পৰি থকা নাই। যদিও ২০১৮-১৯ চনৰ তুলনাত ২০২২-২৩ চনত ইয়াৰ প্ৰচলনৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছিল, পিছৰ বছৰত ই পুনৰ প্ৰায় ৩ গুণ বৃদ্ধি পৰিছিল। ফলত বুজা যায় যে বিমুদ্ৰাকৰণৰ পিছত দেশত জাল নোটৰ বিস্তাৰ হ্ৰাস কৰিবলৈ বজাৰত দুহাজাৰ নোটৰ প্ৰচলন হ’লেও ই ডাঙৰ ফলপ্ৰসূ ভূমিকা ল’বলৈ সক্ষম হৈছিল বুলি দাবী কৰিব নোৱাৰি।
ফলস্বৰূপে, ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই ২০১৮-১৯ চনৰ পৰা দুহাজাৰ টকীয়া নোটৰ ছপা হ্ৰাস কৰাৰ বা মে’-২০২৩ চনৰ পৰা প্ৰত্যাহাৰ কথা ঘোষণা কৰে। এতিয়া ২০২৪-২৫ চনৰ তথ্য প্ৰকাশ পালে বুজিব পৰা যাব যে শীৰ্ষ বেংকটোৰ কৰ্তৃপক্ষই কিমান পৰিমাণৰ নোট প্ৰচলনৰ পৰা আঁতৰাই নিবলৈ সক্ষম হৈছে।