NORTHEAST NOW (Assamese)

বৰপেটাত শিক্ষাৰ প্ৰমাণ পত্ৰ জালিয়াতিৰে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন; প্ৰমাণ পত্ৰ পৰীক্ষা কৰাৰ দাবী

November 21, 2018 11:45 am · পুলেন্দ্ৰ দাস
শিক্ষাৰ প্ৰমাণ পত্ৰ জালিয়াতিৰে মনোনয়ন দাখিল কৰা বুলি অভিযোগ উত্থাপিত হোৱা কংগ্ৰেছৰ প্ৰাৰ্থী মহেলা খাতুন ফটো : নৰ্থ-ইষ্ট নাও

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা একাংশ প্ৰাৰ্থীয়ে জালিয়াতিৰে প্ৰাৰ্থিত্ব লাভ কৰা বুলি চৰ্চিত হোৱাৰ সময়তে বৰপেটা জিলাৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

উত্থাপিত অভিযোগ অনুসৰি বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ২নং বৰভিঠা জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰছ দলৰ প্ৰাৰ্থী মহেলা খাতুনে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শিক্ষাগত প্ৰমাণ পত্ৰখন জালিয়াতিৰে সংগ্ৰহ কৰা।

উল্লেখ্য যে খাতুনে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ খন জালিয়াতি কৰি উলিওৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰাৰ্থী গৰাকীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰখন পৰীক্ষা কৰিলেই প্ৰমাণ পত্ৰখন ভুৱা প্ৰতিপন্ন হ’ব বুলি অভিযোগকাৰী সকলে দাবী কৰিছে ৷

এই গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত যদিহে বিভাগীয় কৰ্তৃপক্ষই প্ৰাৰ্থীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰে তেন্তে অভিযোগৰ সত্য সত্যতা পোহৰলৈ আহিব ৷

Related News