তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰক্ষীয়ে আটক কৰিলে ‘ভুৱা মণ্ডল’

চক্ৰ বিষয়া নিশিতা বৰাই কিয় অবৈধ ভাবে দিছিল কাম কৰাৰ অনুমতি?

তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আটক হল ভুৱা মণ্ডল।

বিগত ২৬ দিনে নাগ্ৰীজুলিৰ কুম্ভিঝাৰৰ যতীন মণ্ডল নামৰ এগৰাকী যুৱকে তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়া নিশিতা বৰাৰ অনুমতি মৰ্মে কাৰ্যালয়টোত চৰকাৰী নথি পত্ৰ লৈ অবৈধ ভাৱে কাম কৰি অৰাজকতাৰ সৃষ্টি কৰি আহিছিল বুলি অভিযোগ উঠিছে।

স্থানীয় ৰাইজে এই কথা গম পাই তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাক অৱগত কৰায় ।

খবৰ পাই তামুলপুৰৰ সংবাদিক কাৰ্যালয়টোত উপস্থিত হয়।

কোনো বিভাগীয় নিযুক্তি নথকাকৈ নিজকে কাৰ্যালয়টোৰ কৰ্মচাৰী হিচাপে পৰিচয় দিয়া যতীন মণ্ডলে সাংবাদিকক কলে- চক্ৰ বিষয়া নিশিতা বৰাই তামুলপুৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কাম কাজ কৰিবলৈ দিছিল।

বাওঁপিনে চক্ৰ বিষয়া আৰু সোঁপিনে অভিযুক্ত ব্যক্তিজন

কাৰ্যালয়টোত কাম কৰাৰ বাবে বিভাগীয় কোনো নিযুক্তি পত্ৰ বা নিৰ্দেশনা নথকা যতীন মণ্ডলে ২৬ দিনে কাৰ্যালয়ৰ চকীত বহি কাম কাজ কৰাৰ দৃশ্য বন্দী হয় সাংবাদিকৰ কেমেৰাতো।

সমগ্ৰ ঘটনা তামুলপুৰ আৰক্ষীয়ে গম পাই ভুৱা মণ্ডল যতীন মণ্ডলক আটক কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে।

যি সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালাল ৰাজ বন্ধ কৰাৰ বাবে উঠিপৰি লাগিছে তেনে সময়তে তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কোনো চৰকাৰী নিযুক্তি বা নিৰ্দেশনা নোহোৱাকৈ যতীন মণ্ডল নামৰ যুৱক গৰাকীক চক্ৰ বিষয়া নিশিতা বৰাই কেনেকৈ কাম কৰিবলৈ দিলে সেয়া ডাঙৰ প্ৰশ্ন হৈ উঠিছে।

চক্ৰ বিষয়াই নিশিতা বৰাই যতীন মণ্ডলে কোনো কাম কৰা নাই বুলি কৈছে যদিও সাংবাদিকৰ কেমেৰাত বন্দী হৈছে যতীনে হাতত কাৰ্য্যালয়ৰ ফাইল লৈ কামত ব্যস্ত থকাৰ দৃশ্য।

চক্ৰ বিষয়া গৰাকীয়ে লোক জনক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে নেকি তাকে লৈও প্ৰশ্ন উত্থাপিত হৈছে ৰাইজৰ মাজত।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘটা এনে ঘটনাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হব লক্ষ্যণীয়।