নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ সীমামূৰীয়া দক্ষিণপুটা কলং অঞ্চলত চামগুৰি আৰক্ষীয়ে অভিযান চলাই নকল টকাসহ দুই সৰবৰাহকাৰীক আটক কৰে।
জানিব পৰা মতে, শনিবাৰে বিয়লি চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ সহযোগত নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষী দলে গোপন খৱৰৰ ভিত্তিত চামগুৰি সমষ্টিৰ সীমামূৰীয়া দক্ষিণপুটা কলং অঞ্চলত অভিযান চলাই এ এছ ২১ এফ ৬০৮৫ নম্বৰৰ মাৰুতি ভানসহ দুজন নকল টকা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
দুই অপৰাধীৰ পৰা আৰক্ষীয়ে ২ লাখ ৪৮ হাজাৰ নকল টকাসহ এটা মোবাইল ফোন জব্দ কৰে।
আটকাধীন নকল টকা সৰবৰাহকাৰী দুজন হৈছে ক্ৰমে কাঠপাৰা নিবাসী স্বৰ্গীয় ছাৰফট আলীৰ পুত্ৰ মালিক কুস্তাৰ (৩৪) আৰু ৪ নং বৰঘূলিৰ নিবাসী স্বৰ্গীয় আব্দুল কাদিৰৰ পুত্ৰ বাহাৰ উদ্দিন (২৯)।
বৰ্তমান চামগুৰি থানাত আটকাধীন নকল টকা সৰবৰাহকাৰী দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।