NORTHEAST NOW (Assamese)

শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ; শিৱসাগৰত বিজেপি প্ৰাৰ্থীৰ মনোনয়ন বাতিল

November 18, 2018 7:20 am · পাৰ্শ্বজ্যোতি গগৈ
বিজেপিৰ প্ৰতীক। ফাইল ছবি।

শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ সংলগ্ন কৰি পঞ্চায়ত নিৰ্বাচনত দাখিল কৰা মনোনয়ন পত্ৰ বাতিল হ’ল এগৰাকী বিজেপিৰ প্ৰাৰ্থীৰ।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ বিধানসভাৰ অন্তৰ্গত লাচিত গাঁও পঞ্চায়তৰ সভানেত্ৰী পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ দাখিলৰ এক গুৰুত্বৰ আভিযোগ পোহৰলৈ আহিছে।

কংগ্ৰেছ দলে অনা এই অভিযোগ মতে লাচিত গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ পদত মনোনয়ন পত্ৰ দাখিল কৰা বিজেপিৰ প্ৰাৰ্থী কল্পনা চাংমাইয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল।

কল্পনা চাংমাইৰ এই জালিয়তিৰ সন্দৰ্ভত কংগ্ৰেছ দলে শিৱসাগৰ নিৰ্বাচনী বিষয়াক এক অভিযোগ প্ৰদান কৰে আৰু উক্ত অভিযোগৰ ভিত্তিত নিৰ্বাচনী বিষয়া গৰাকীয়ে তদন্ত কৰি বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ মনোনয়ন নাকচ কৰে।

Related News