ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ মিছা প্ৰতিশ্ৰুতি; শিমলুগুৰি ৰে’ল জংচনত আজিও সংস্থাপিত নহ’ল চি চি টি ভি কেমেৰা

Simaluguri

চলন্ত ৰে’লত সংঘটিত ৰাজ্য কঁপাই যোৱা দুটাকৈ জঘন্য হত্যাকাণ্ডৰ ঘটনাই দুমাহ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত শিমলুগুৰি ৰে’ল জংচনত সংস্থাপিত নহল চিচি টিভি কেমেৰা।

উল্লেখযোগ্য যে যোৱা ১০ জুলাইত শিৱসাগৰৰ শিমলুগুৰি ৰে’ল জংচনত নামনিমুৱা কামাখ্যা এক্সপ্ৰেচত ৰাধা কুমাৰী নামৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ ডিঙিত গামোচা এখন মেৰ খাই থকা অৱস্থাত উদ্ধাৰ লগতে ইয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে যোৰহাটৰ মৰিয়নি ষ্টে’শ্যনত পুনৰ এগৰাকী মহিলাৰ একে অৱস্থাতে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এই ঘটনাৰ পিছতে শিমলুগুৰি জংচনটো অতি স্পৰ্শকাতৰ জংচন হিচাপে চিহ্নিত হৈছিল আৰু ৰেল মন্ত্ৰী ৰাজেন গোহাঁইয়ে অতি সোনকালে শিমলুগুৰি ৰেল জংচনৰ লগতে ৰাজ্যৰ স্পৰ্শকাতৰ ৰে’ল ষ্টেচনত চি চি টি ভিৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি দুমাহ অতিক্ৰম কৰাৰ পিছতো তেওঁৰ উক্ত প্ৰতিশ্ৰুতি কাৰ্যকৰি হোৱা দেখা নগ’ল। যাৰ বাবে আজিও সুৰক্ষিত হোৱা নাই ৰেল যাত্ৰীসকল।

ইফালে চলন্ত ৰে’লত ঘটা এই দুই হত্যাকাণ্ডৰ দুই ধৃত অপৰাধী বিপিন পাণ্ডে আৰু বিকাশ দাসৰ বিৰুদ্ধে ৰে’ল আৰক্ষীয়ে বা অসম আৰক্ষীয়ে আজি পৰ্যন্ত চাৰ্জচীট দাখিল কৰা নাই। যদিহে আৰু এক মাহৰ ভিতৰত আৰক্ষীয়ে অপৰাধী দুজনৰ বিৰুদ্ধে চাৰ্জচীট দাখিল কৰিব নোৱাৰে তেন্তে তেওঁলোকে আইনৰ সুৰুঙাই দি সাৰি যাব পাৰে বুলি স্থানীয় দল-সংগঠন তথা ৰাইজে সন্দেহ কৰিছে।

সেয়ে তেওঁলোকে ৰেল আৰক্ষীয়েই হওঁক বা অসম আৰক্ষীয়েই হওঁক এই দুই অপৰাধী বিৰুদ্ধে যথা সময়ত চাৰ্জচিট দাখিল কৰি এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনায়।