বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত পৰিয়াল পৰিকল্পনা মেলা

বঙাইগাঁও চহৰৰ বীৰঝৰা চাহ বাগিচাত জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত পৰিয়াল পৰিকল্পনা মেলা অনুষ্ঠিত হয় ৷

এই মেলাৰ লগত সংগতি ৰাখি পৰিয়াল পৰিকল্পনা সংক্ৰান্তত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত পৰিয়াল পৰিকল্পনা মেলাত বঙাইগাঁও প্ৰাথমিক স্থাস্থ্য কেন্দ্ৰৰ বিষয়া তথা চিকিৎসক এম ইছলাম উপস্থিত থাকি পৰিয়াল পৰিকল্পনা সম্পৰ্কত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সমূহৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷

পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় আঁচনিৰ জৰিয়তে মহিলা সকলক যে উপকৃত কৰিছে,তাৰে ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে পৰিয়াল পৰিকল্পনা সংক্ৰান্তীয় বিভিন্ন উপায়, চিকিৎসা আদি সুন্দৰ কৈ তেওঁলোকক বুজাই দিয়ে ৷

বঙাইগাঁও খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ খণ্ড আঁচনি প্ৰৱন্ধক, চিকিৎসক, পৰিয়াল পৰিকল্পনা সমন্বয়ক, চাহ বাগিচাৰ পৰিচালক, ৰাষ্ট্ৰীয় স্বাস্থ্য ,আশা কৰ্মী, বাগানত কৰ্মৰত পুৰুষ, মহিলা সকল উপস্থিত থকা সজাগতা সভাত পৰিয়াল পৰিকল্পনা সঠিক ভাৱে মানি চলা চাহ বাগিচাখনৰ কেইবাটাও পৰিয়ালৰ মহিলাক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷