NORTHEAST NOW (Assamese)

ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মাৰ দেহাৱসান

March 8, 2019 10:59 am · এন ই নাও নিউজ
Updated: March 11, 2019 12:12 pm

সাংস্কৃতিক জগতৰ বাবে এক দুঃখবৰ। ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা হিচাপে পৰিচিত পৰাগ শৰ্মা আৰু নাই। মহানগৰৰ নেমকেয়াৰ হাস্পতালত দীৰ্ঘদিন ধৰি জণ্ডিচ আৰু লিভাৰৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মঞ্চজগতৰ এইজন অভিনেতাই নিশা ২ বাজি ৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত অভিনেতা গৰাকীয়ে পত্নী, একমাত্ৰ পুত্ৰৰ লগতে বহুতো আত্মীয় স্বজন তথা অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত বৃন্দাবন থিয়েটাৰত অভিনয় কৰা পৰাগ শৰ্মাৰ মৃত্যুৰ সময়ত হাস্পতালত পৰিয়ালৰ সৈতে নাট্যকাৰ তথা পৰিচালক অভিজিৎ ভট্টাচাৰ্য, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি, নজৰুল হকৰ লগতে কিছু সময়ৰ বাবে অসম চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ যতীন বৰাও উপস্থিত আছিল।

ভ্ৰাম্যমানৰ প্ৰায়বোৰ আগশাৰীৰ থিয়েটাৰতে বলিষ্ঠ অভিনয় কৰা পৰাগ শৰ্মাৰ মৃত্যু মঞ্চ জগতৰ বাবে এক পূৰাব নোৱাৰা ক্ষতি বুলি বহুতো অভিনেতা তথা গুণমুগ্ধই মন্তব্য কৰাৰ লগতে সকলোৱে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

আনহাতে, মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শিল্পীগৰাকীৰ নলবাৰী জিলাৰ গামাৰিমূৰী গাঁৱ স্থিত বাসগৃহত শুভাকাংক্ষী তথা অজস্ৰ গুণমুগ্ধই ভিৰ কৰিছেহি।

Related News