মেছিৰ দেশত এইবাৰ ইণ্ডোনেছিয়াৰ ঘটনা! পুনৰ ফুটবলৰ খেলপথাৰত সংঘৰ্ষত মৃত্যু সমৰ্থকৰ

ফটো: সংগৃহীত।

Fan died after violent clashes during a football match ইণ্ডোনেছিয়াৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিল এইবাৰ আৰ্জেণ্টিনাত! ফুটবল খেলত ভয়ংকৰ সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱালে এজন সমৰ্থকৰ। এই ঘটনাত বহুতো লোক আহত হৈছে। ৰাজধানী বুয়েনোছ আইৰেছত সংঘটিত হৈছে এই ঘটনা।

সংঘৰ্ষ বন্ধ কৰিবলৈ খেলপথাৰত নামি পৰে আৰক্ষী। কন্দুৱা গেছৰ নিক্ষেপ কৰা হয়। সংঘৰ্ষৰ বাবে ৯ মিনিটৰ পিছতে বন্ধ কৰিব লগা হয় খেলখন।

আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনোছ আইৰেছৰ পৰা ৫০ কিলোমিটাৰ দূৰত লা প্লাটাৰ কাৰমেলো জেৰিচিলো ষ্টেডিয়ামত জিমনাছিয়া আৰু বোকা জুনিয়ৰ্ছ এখন খেলত মুখামুখি হৈছিল। ট্ৰফী অৰ্জন কৰিবলৈ দুয়োটা দলৰ বাবে এই খেলখন জিকাটো গুৰুত্বপূৰ্ণ আছিল।

ফটো: সংগৃহীত।

বৃহস্পতিবাৰৰ আৰ্জেন্টিনাৰ এই ঘটনাটো কেইদিনমান পূৰ্বে ইণ্ডোনেছিয়াত সংঘটিত ঘটনাটোৰ দৰেই। ইয়াতো বিপক্ষ ক্লাবৰ সমৰ্থকসকলক খেলপথাৰত প্ৰৱেশ কৰিব দিয়া নাছিল।

তদুপৰি, আসনৰ সংখ্যাতকৈ অধিক দৰ্শকে খেলপথাৰত প্ৰৱেশ কৰিব বিচাৰে। আৰক্ষীয়ে তেওঁলোকক বাধা দিয়াৰ লগে লগে হতাহাতি আৰম্ভ হয়। আৰক্ষীয়ে ৰবৰ বুলেট আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয়।

ষ্টেডিয়ামৰ ভিতৰত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীয়ে উন্মত্ত সমৰ্থকসকলক বাধা দিবলৈ খেলপথাৰৰ ভিতৰতো কন্দুৱাগেছ নিক্ষেপ কৰি থাকে।

ফটো: সংগৃহীত।

তাৰ পিছত খেলখন আৰম্ভ হ’ল যদিও খেলপথাৰখন গেছৰে ভৰি থকাৰ বাবে ফুটবল খেলুৱৈসকলে উশাহ ল’ব পৰা নাছিল। ফলত ৰেফাৰীয়ে খেলখন বন্ধ কৰিবলৈ বাধ্য হয়।

সেই সময়ত সমৰ্থকসকলে কন্দুৱা গেছৰ পৰা ৰক্ষা পাবলৈ খেলপথাৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।

বাতৰি অনুসৰি, এই ঘটনাৰ পিছতে আৰ্জেন্টিনা চৰকাৰে সুৰক্ষা বাহিনীৰ মুৰব্বী গৰাকীক নিলম্বিত কৰিছে।