আফ্ৰিদিক সহায় কৰিবলৈ কোৱা বাবে হৰভজনৰ পিছত অনুৰাগীৰ লক্ষ্য হৈ পৰিল যুৱৰাজ

Yuvraj-Singh-and-Shahid-Afridi

ক’ৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে আক্ৰান্ত সকলক সহায়ৰ বাবে নিঃস্বাৰ্থভাৱে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে বিশ্বৰ আগশাৰীৰ খেলুৱৈসকল।

এই সংকটৰ সময়ত ভাৰতৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন যুৱৰাজ সিঙে পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ চাহিদ আফ্ৰিদিলৈ আগবঢ়াইছে সহায়।

খেলপথাৰত বিৰোধী হিচাপে মুখামুখি হোৱা যুৱৰাজ সিঙে আফ্ৰিদিৰ এন জি অ’(চাহিদ আফ্ৰিদি ফাউণ্ডেশ)লৈ সহায় আগবঢ়াইছে।

যুৱৰাজে টুইটাৰত লিখে, ‘এই সময়খিনি খুব জটিল। এইটো সময়ত আমি প্ৰয়োজনীয় সকলৰ লগত থকাটো প্ৰয়োজনীয়। আহক আমি সকলোৱে এই দায়িত্ব পালন কৰো। মই চাহিদ আফ্ৰিদি আৰু চাহিদ আফ্ৰিদি ফাউণ্ডেশক সমৰ্থন জনাইছো। অনুগ্ৰহ কৰি ক’ৰ’না ডট কমত দান কৰক। ঘৰতে থাকক’।

যুৱৰাজে এই টুইটটোত হৰভজন সিঙকো টেগ কৰে।

উল্লেখ্য যে যুৱৰাজ সিঙৰ এই টুইটোৰ পিছতে চ’চিয়েল মিডিয়াত তেওঁক বিভিন্ন অনুৰাগীয়ে তীব্ৰ সমালোচনা কৰা দেখা যায়।

যুৱৰাজৰ এনে কাৰ্যত ক্ষুব্ধ হৈ এজনে অনুৰাগীয়ে ক্ৰিকেটাৰগৰাকীক পুলৱামা আক্ৰমণৰ ছহিদ জোৱানসকলৰ ঘৰলৈ যাবলৈ কয়।

আন কিছু অনুৰাগীয়ে যুৱৰাজ সিঙৰ পৰা এনেধৰণৰ কাৰ্য আশা কৰা নাছিল বুলিও উল্লেখ কৰে।

ইফালে যুৱৰাজ আৰু হৰভজন সিঙে আফ্ৰিদিক সমৰ্থন জনোৱাৰ বাবে দুয়োগৰাকী ভাৰতীয় ক্ৰিকেটাৰকে তেওঁ ধন্যবাদ জনায়।

ইয়াৰ পূৰ্বে হৰভজন সিঙেও লোকসকলক চাহিদ আফ্ৰিদিৰ এন জি অ’লৈ সহায় আগবঢ়াবলৈ অনুৰোধ জনাই সমালোচনাৰ সন্মুখীন হৈছিল।

উল্লেখ্য যে পাকিস্তানত ক’ৰ’না ভাইৰাছৰ বাবে বেয়াকৈ প্ৰভাৱিত হোৱা লোকসকলৰ বাবে আফ্ৰিদিৰ ফাউণ্ডেশ্যনে খাদ্যৰ লগতে চিকিৎসা সেৱা আগবঢ়াই আছে।

বিশ্বত এই পৰ্যন্ত ৪০ হাজাৰতকৈও অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে।