NORTHEAST NOW (Assamese)

চামগুৰিত খেতিপথাৰ চাবলৈ আহি শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত এগৰাকী কৃষক

June 15, 2019 11:20 am · ভাৰ্গব হাজৰিকা
Updated: June 15, 2019 11:47 am
চামগুৰিত ৰে'লৰ খুণ্ডাত নিহত খেতিয়কগৰাকী। ফটো-নৰ্থ-ইষ্ট নাও

নগাঁও জিলাৰ চামগুৰিত আজি ৰাতিপুৱা সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত এগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত ৰাতিপুৱাই সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, আজি ৰাতিপুৱা ৭.৩০ মান বজাত চামগুৰিত মহেন্দ্ৰ শইকীয়া নামৰ এগৰাকী স্থানীয় খেতিয়কে  খেতি পথাৰ চাবলৈ আহি থাকোতে ৰে’ল আলি অতিক্ৰম কৰাৰ সময়ত যাত্ৰীবাহী শিলঘাট-গুৱাহাটী ৰে’লখনৰ আগত পৰি যায়।

এনেদৰে দ্ৰুতবেগী চলন্ত ৰে’লখনৰ আগত পৰি যোৱা মহেন্দ্ৰ শইকীয়াক ৰে’লখনে মহতিয়াই লৈ যোৱাৰ ফলত ঘটনাস্থলীতে দুৰ্ভগীয়া খেতিয়কগৰাকীয়ে অকাল মৃত্যুক সাবতি ল’বলগীয়া হয়। মৃত্যুৰ সময়ত মহেন্দ্ৰ শইকীয়াৰ বয়স আছিল ৬০ বছৰ।

আনহাতে, ঘটনাৰ খবৰ লাভ কৰি চামগুৰি আৰক্ষী আৰু ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ৰে’ল আলিৰ দাঁতিৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

চলন্ত ৰে’লৰ খুন্দাত এনেদৰে খেতিয়কগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাত পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে।

Related News