• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত কেইবাজনো কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 15, 2019 10:38 am

1 min read

index
26.6k
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ জল সম্পদ আৰু বিজ্ঞান ও প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে নতুন দিল্লীত কেইবাজনে কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি বিভিন্ন প্ৰকল্প ৰূপায়নৰ দিশত আলোচনাত মিলিত হয়।

মহন্তই কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীক সাক্ষাৎ কৰি এই শিতানত বাকী থকা ধন মুকলি কৰি দিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অহা মাৰ্চ মাহৰ ভিতৰত বাকী থকা ধন মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি সংবাদ মাধ্যমক মহন্তই জানিবলৈ দিয়ে।

অসমৰ প্ৰত্নতত্ব সম্পদ সমূহ সংৰক্ষণ আৰু গুৱাহাটীত বিজ্ঞান মহানগৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা কৰিবলৈ মন্ত্ৰী মহন্ত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী প্ৰভাত পেটেলৰ সৈতে আলোচনাত মিলিত হয়। অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে অসমৰ প্ৰত্নতত্ব সম্পদ সমূহ অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত সংৰক্ষণ কৰিবলৈ আহ্বান জনায়।

আনহাতে, মন্ত্ৰী কেশৱ মহন্তই কেন্দ্ৰীয় মহাকাশ পৰিক্ৰমা মন্ত্ৰী জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰি উত্তৰ গুৱাহাটীত প্ৰস্তাৱিত ISRO কেন্দ্ৰতো শীঘ্ৰেই মুকলি কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে ইয়াৰ বাবে ১৫ বিঘা মাটি লোৱাৰ কথাও মন্ত্ৰী মহন্তই কেন্দ্ৰীয় মন্ত্রীগৰাকীক অৱগত কৰে।

ইয়াৰ আগেয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰাৰম্ভিক পৰ্যায়ত কেন্দ্রতো মুকলি কৰাৰ দিশত সকলো প্ৰক্ৰিয়া কাৰ্যকৰী কৰা হৈছে বুলি মন্ত্ৰী মহন্তই জানিবলৈ দিয়ে।

Recent News

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd