NORTHEAST NOW (Assamese)

‘মোডী ডাঙৰীয়া, আপুনি কেৱল নিজৰ কথা ভাবে…!’ প্ৰধানমন্ত্ৰীক জগৰীয়া কৰি চিঠি লিখি আত্মহত্যা কৃষকৰ

September 19, 2022 4:47 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাৰাষ্ট্ৰত পুনৰ এক কৃষকৰ আত্মহত্যাৰ ঘটনা ঘটিছে। পুনেৰ এজন ৪৫ বছৰীয়া কৃষকে পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে। তাৎপৰ্যপূৰ্ণভাৱে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ মৃত্যুৰ বাবে দোষাৰোপ কৰিছে। আৰক্ষীয়ে দশৰথ লক্ষ্মণ কেদাৰী নামৰ কৃষকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষী বিষয়াসকলে দাবী কৰিছে যে কেদাৰীৰ মৃতদেহৰ কাষৰ পৰা এটা চুইচাইড নোট উদ্ধাৰ কৰা হৈছে। কৃষকজনে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। ঋণ দাতা সংস্থাটোৰ বিষয়াসকলৰ নিৰন্তৰ নিৰ্যাতনৰ বাবে তেওঁ মানসিক অশান্তিত ভুগি আছিল। কেদাৰীয়ে পত্ৰখনত মহাৰাষ্ট্ৰ চৰকাৰ আৰু কেন্দ্ৰক দোষাৰোপ কৰি সমালোচনাও কৰিছে।

লগতে পঢ়ক: Chandigarh University MMS Case: স্নানৰ ভিডিঅ’ ভাইৰেল: ৬ দিনলৈ বন্ধ থাকিব চণ্ডীগড় বিশ্ববিদ্যালয়, তিনি জনক গ্ৰেপ্তাৰ

কেদাৰীয়ে চুইচাইড নোটত কৃষকসকল কৰোনা মহামাৰীৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হৈছে আৰু তেওঁলোকৰ দুৰ্দশাৰ বিষয়ে লিখিছে। তেওঁ পত্ৰখনত এইটোও লিখিছে যে ধাৰাসাৰ বৰষুণে শস্যবোৰো ক্ষতিগ্ৰস্ত কৰিছিল। কেদাৰীয়ে কেন্দ্ৰৰ নিষ্ক্ৰিয়তা আৰু সমৰ্থন মূল্যৰ বিষয়ত প্ৰধানমন্ত্ৰীৰ নিষ্ক্ৰিয়তাক দোষাৰোপ কৰিছে। তেওঁৰ মৃত্যুৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীকো দোষাৰোপ কৰিছে।

হাতে লিখা পত্ৰখনত তেওঁ লিখিছে, “আমাৰ ওচৰত কোনো ধন নাই। ঋণদাতাসকলে অপেক্ষা কৰিব নোৱাৰে। কিন্তু মোডী ডাঙৰীয়া, আপুনি কেৱল নিজৰ কথা হে ভাবে। শস্যৰ বাবে সঠিক মূল্য পৰিশোধ নকৰে। কৃষিক্ষেত্ৰত  আপোনালোকৰ কোনো নিয়ন্ত্ৰণ নাই। তেন্তে কৃষকসকলে কি কৰিব? মই ন্যায়ৰ বাবে ক’লৈ যাম? সমবায় বিষয়াসকলে নিৰন্তৰ হাৰাশাস্তি কৰি আহিছে। আজি মই আত্মহত্যা কৰিবলৈ বাধ্য হ‘লো। সেয়াও আপোনাৰ উদাসীনতাৰ বাবে। আমাৰ শস্যৰ বাবে আমাক সঠিক মূল্য দিয়ক। সেয়া আমাৰ প্ৰাপ্যৰ টকা।”

লগতে পঢ়ক: US vs China on Taiwan: টাইৱানকলৈ বিস্ফোৰক বিডেন! খঙত তিঙিৰি তুলা চীন

কৃষকজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে পুনে গ্ৰাম্য আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। স্থানীয় প্ৰশাসনিক বিষয়াসকলে মৃত কৃষকজনৰ ঘৰলৈ যায়। দেওবাৰে তেওঁৰ পত্নী, মাতৃ আৰু দুই সন্তানে কৃষকজনৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।

Related News