লখিমপুৰত কৃষক হত্যাৰ বিৰুদ্ধে ১৮ অক্টোৱৰত দেশজোৰা ৰে’ল অৱৰোধৰ আহ্বান

ফাইল ফটো

উত্তৰপ্ৰদেশৰ লখিমপুৰ খেৰিত প্ৰতিবাদী কৃষকৰ ওপৰৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ পুত্ৰৰ গাড়ী চলাই নি চাৰিজনকৈ কৃষকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ প্ৰতিবাদত আৰু মন্ত্ৰী পুত্ৰ আশীষ মিশ্ৰক গ্ৰেপ্তাৰৰ দাবীত ১৮ অক্টোৱৰত দেশ জোৰা ৰে’ল অৱৰোধৰ আহ্বান জনাইছে সংযুক্ত কিষান মৰ্চাই।

কৃষক নেতা যোগেন্দ্ৰ যাদৱে প্ৰকাশ কৰা মতে ১৮ অক্টোৱৰত ৰে’ল অৱৰোধৰ লগতে ১৫ অক্টোৱৰত দেশৰ প্ৰান্তে প্ৰান্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰা হ’ব।

ইপিনে খেৰিৰ ঘটনাকলৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে খেৰিত কৃষকৰ মৃত্যুৰ ঘটনাত অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী পুত্ৰ আশিস মিশ্ৰই শনিবাৰে পুৱা উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ ওচৰত উপস্থিত হয়।

পলাতক অৱস্থাত থকা আশীষ মিশ্ৰই নেপালত আত্মগোপন কৰাৰ খবৰ বিয়পি পৰিছিল।

ইয়াৰ মাজতে আজি পুৱা ১১বজাত এখন নীলা ৰঙৰ গাড়ীৰে আহি আশিসে এইদৰে আৰক্ষীৰ ওচৰত হাজিৰ হয়। খেৰিৰ ঘটনাত আৰক্ষী বিষয়াসকলে তেওঁক জেৰা চলাব।

ইপিনে, আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ বাহিৰত কোনো অবাঞ্চিত ঘটনা যাতে ঘটিবলৈ নাপায় তাৰবাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।

আশিসৰ বিৰুদ্ধে কৃষকসকলক গাড়ীৰে মহতিয়াই তথা গুলী কৰি হত্যা কৰাৰ অভিযোগ উঠিছে।

ইয়াৰ পাছতো তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই তাক লৈ ৰাজ্যখনৰ আৰক্ষী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

আশিস মিশ্ৰই আনকি আৰক্ষীৰ চমনক গুৰুত্ব নিদি উপস্থিত হোৱাৰ পৰাও বিৰত আছিল।

আনহাতে, শনিবাৰে পুৱাই কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই জানিবলৈ দিছিল যে শীঘ্ৰেই তেওঁৰ পুত্ৰ আৰক্ষীৰ ওচৰত উপস্থিত হ’ব। তাৰ কিছুসময় পাছতেই এইদৰে আশিস মিশ্ৰ আৰক্ষীৰ ওচৰত উপস্থিত হয়।