আকৌ দিল্লী কঁপাবলৈ সাজু হৈছে ভাৰতীয় কিষাণ সংঘ আৰু সংযুক্ত কিষাণ মৰ্চাই। দেশৰ কৃষক সংঘ দুটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে পুনৰ বিষোদগাৰ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ চৰকাৰে দেশৰ কৃষক মজদুৰসকলক চূড়ান্ত প্ৰতাৰণা কৰাৰ বিস্ফোৰক অভিযোগ কৰিছে ভাৰতীয় কিষাণ সংঘই। ইমানেই নহয় মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ভাৰতীয় কিষাণ সংঘই।
কৃষক নেতা ৰাকেশ টিকেইটে সদৰী কৰিছে যে কৃষকসকলক পুনৰ ট্ৰেক্টৰ আৰু বিচনা লৈ মুজাফ্ফৰনগৰৰ ৰাজকিয়া ইণ্টাৰ কলেজত অনিৰ্দিষ্টকালীন প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে। চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে কৃষক নেতা ৰাকেশ টিকেইটে।
যোৱা ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনাই সংযুক্ত কিষাণ মৰ্চাৰ উদ্যোগত হাৰিয়ানাৰ জিন্দত এক মহাপঞ্চায়ত আয়োজন কৰা হয়। উক্ত মহাপঞ্চায়ত কৃষক সংগঠনটোৱে পুনৰ আন্দোলন আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছে। লগতে দাবী কৰিছে দিল্লীয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ পৰিণাম ভুগিব লাগিব!
উল্লেখ্য যে কেন্দ্ৰই প্ৰণয়ন কৰা তিনি কৃষি আইন বাতিলৰ দাবীত সংযুক্ত কিষাণ মৰ্চাৰ উদ্যোগত দেশৰ কৃষকসকলে দিল্লী চলো আন্দোলন আৰম্ভ কৰিছিল। মোদী চৰকাৰে বলপূৰ্বকভাৱে জাপি দিয়া আইন বাতিল নকৰাৰ পৰ্যন্ত এটা বছৰতকৈ অধিককাল দেশৰ কৃষকসকলে নিৰন্তৰভাৱে দিল্লীৰ ৰাজপথত আন্দোলন অব্যাহত ৰাখিছিল। দৃঢ়মনা কৃষকৰ ওচৰত হাৰ মানি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত তিনি বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰে।
ইয়াৰ পাছতে সংযুক্ত কিষাণ মৰ্চাই আন্দোলন স্থগিত ৰখাৰ কথাও ঘোষণা কৰি প্ৰতিবাদী কৃষকসকল গৃহ অভিমুখে যাত্ৰা কৰে।
কিন্তু দেশৰ কৃষক সংগঠনবোৰে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ কৃষকসকলক প্ৰতাৰণা কৰিছে। ইয়াৰ বিৰুদ্ধে দেশৰ কৃষক পুনৰ জাগ্ৰত হৈছে।
এইবাৰো কৃষকসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ পৰাই পুনৰ আন্দোলন আৰম্ভ কৰিছে। ভাৰতীয় কিষাণ সংঘই কৃষকৰ বিশাল পৰিমাণৰ চেনী উদ্যোগ আৰু কৃষকৰ ধন অনাদায়, উদঙীয়া গৰুৰ পৰা শস্য ক্ষেত্ৰ ৰক্ষা কৰা, উদঙীয়া গৰুৰ নিয়ন্ত্ৰণ, বিদ্যুৎ বিল বাতিল, কৃষকৰ ভূমি অধিগ্ৰহণ আদি আৰু কেতবোৰ অতি জলন্ত সমস্যাসমূহকো এইবাৰ সাঙুৰি লৈছে। কৃষক সংগঠনসমমূহে উৎপাদিত চেনীৰ কুইণ্টলত মূল্য বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছে।
ইপিনে পুনৰ আৰম্ভ হোৱা কৃষক আন্দোলনে উত্তৰ প্ৰদেশৰ পৰা ক্ৰমান্বয়ে সমগ্ৰ উত্তৰ ভাৰততে প্ৰসাৰ লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হোৱা পুনৰ কৃষক আন্দোলন ইতিমধ্যে হাৰিয়ানাতো আৰম্ভ কৰিছে আন্দোলন। এইদৰে উত্তৰ ভাৰত কৃষক আন্দোলনে পুনৰ প্ৰসাৰ লাভ কৰাৰ দিশে গতি কৰিছে।
মুঠৰ ওপৰত ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ৰাজনৈতিক সংকটত পৰাটো একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে।এইবাৰৰ কৃষক আন্দোলনেও যোৱাবাৰৰ আন্দোলনৰ দৰেই ব্যাপকৰূপত প্ৰসাৰ লাভ কৰিলে বিজেপি দল আৰু চৰকাৰে সংকটত পৰাটো একপ্ৰকাৰে নিশ্চিত।