ক্ষান্ত নহয় বিদ্ৰোহী কৃষক : দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীত নিৰ্মাণ কৰিছে কংক্ৰিটৰ ভেটিৰে শিবিৰ!

PTI01_04_2021_000129B

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিখন বিতৰ্কিত কৃষি আইনৰ বাতিলৰ দাবীত অলৰ অচৰ দেশৰ বিদ্ৰোহী কৃষক সংগঠনসমূহ।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অনুষ্ঠিত হোৱা ষষ্ঠ লানিকৈ আলোচনা ব্যৰ্থ হোৱাৰ পিছত সপ্তম লানি আলোচনাও হোৱাৰ কথা।

কিন্তু তথাপিও বিদ্ৰোহী কৃষকসকলে এচুলিমানো নিজৰ স্থিতিৰ পৰা আঁতৰি অহা নাই।

ইফালে জানিব পৰা মতে প্ৰচণ্ড শীত আৰু বৰষুণকো নেওচি দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত আন্দোলনৰত কৃষকসকলে আন্দোলন দীঘলীয়া হোৱাৰ সম্ভাৱনাৰে কংক্ৰিটৰ ভেটিৰে শিবিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে।

কংক্ৰিটেৰে ভেটি নিৰ্মাণ কৰি প্ৰতিবাদকাৰী কৃষকসকলে শিবিৰ চালিত বৰষুণ প্ৰতিৰোধী তিৰ্পালো দি লৈছে। যাতে শীতৰ কুঁৱলী আৰু বৰষুণৰ পৰা তেওঁলোকে ৰক্ষা পৰিব পাৰে।

দিল্লীৰ টিক্ৰী সীমান্তত কৃষকসকলে ডাঙৰ ডাঙৰ বাঁহ, লোৰ ৰ’ড আৰু তিৰ্পাল ক্ৰয় কৰি শিবিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে যোৱা ২৬ নৱেম্বৰৰ পৰা পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী চলো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দিল্লী সীমান্তত আন্দোলন অব্যাহত ৰাখিছে।