DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

গো-সুৰক্ষা আইনৰ ছাইড এফেক্ট! যোগী ৰাজ্যত ‘গো-মাতা’ৰ তাণ্ডৱ

জনতা বাদেই, চকুৰে সৰিয়হ ফুল দেখিছে ‘গো-ৰক্ষক’ যোগী চৰকাৰেও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 7:57 am
stray cattle in UP
103
VIEWS
Share on FacebookShare on Twitter

গো-সুৰক্ষাৰ মন্ত্ৰ আওৰোৱা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত এতিয়া মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে খোদ গো-মাতা! ৰাজ্যৰ সাধাৰণ লোক বাদেই, গো-মাতাৰ তাণ্ডৱত এতিয়া ত্ৰাহি মধুসূদন দেখিছে চৰকাৰ তথা আৰক্ষী-প্ৰশাসনেই। গৰুৰ বাবেই আৰক্ষী থানা পালেগৈ প্ৰায় দুই ডজন লোক।

শুনিবলৈ আচৰিত হ’লেও এয়াই সঁচা। উত্তৰ প্ৰদেশত এতিয়া গৰু হৈ পৰিছে ৰাজ্যখনৰ বাবে এক জলন্ত সমস্যা। ৰাজ্যখনত উদঙীয়া গৰুৱে শস্য নষ্ট কৰি কেৱল গঞাকে ঘটিয়ে ঘটিয়ে পানী খুওৱা নাই, টোপনি সৰি নিছে আৰক্ষীৰো। গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠান চৌহদ তহিলং কৰিছে, বিনষ্ট কৰিছে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ।

বিগত কেইবাবছৰো ধৰি উত্তৰ প্ৰদেশত উদঙীয়া গৰুৰ সন্ত্ৰাসে কৃষকৰ টোপনি হৰণ কৰি আহিছে। নিশাটোৰ ভিতৰতে গৰাকী নথকা এই উদঙীয়া গৰুবোৰে কৃষকৰ শস্যক্ষেত্ৰ নষ্ট কৰি আহিছে। এই উদঙীয়া গৰুৰ পৰা শস্য ৰক্ষা কৰিবলৈ কৃষকে উৰে ৰাতি প্ৰচণ্ড ঠাণ্ডা নেওচি পথাৰত পহৰা দিবলগীয়াও হৈছে।

উত্তৰ প্ৰদেশৰ যোৱা বিধানসভা নিৰ্বাচনত উদঙীয়া গৰুৰ সমস্যাটোৱে গুৰুত্বপূৰ্ণ ইছ্যু হিচাপে পৰিগণিত হৈছিল। যোগী আদিত্যনাথে উত্তৰ প্ৰদেশত দ্বিতীয়বাৰ শাসনলৈ আহিলে কৃষকক এই সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। বিজেপিয়ে আশ্বাস দিছিল যে কৃষকৰ শস্য নষ্ট কৰা উদঙীয়া গৰুৰ সমস্যাটো তেওঁৰ চৰকাৰে সমাধান কৰিব।

পিছে দ্বিতীয়বাৰ শাসনলৈ আহিও এই সমস্যা সমাধান কৰাত চূড়ান্ত ব্যৰ্থ হৈছে যোগী চৰকাৰ। এই উদ্ভট সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰা বাদেই, ইয়াৰ বিপৰীতে ভুক্তভোগী কৃষকসকল সন্মুখীন হৈছে ইটোৰ পিছত সিটো গোচৰৰহে। জীৱ-জন্তু অত্যাচাৰৰ নামত অৰ্ধশতাধিক কৃষকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ

ইফালে ইয়াৰ মাজতে উদঙীয়া গৰুকলৈ ঘটিল অন্য এক ঘটনা। উদঙীয়া গৰুৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে গঞাৰ বিৰুদ্ধে। যোৱা ৮ জানুৱাৰীত ৪৬ গৰাকী গঞাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ হাছানপুৰ থানাত জীৱ-জন্তুৰ ওপৰত ক্ৰুৰতা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে এপাল উদঙীয়া গৰুৰ সন্ত্ৰাসত সন্ত্ৰষ্ট হৈ পৰিছিল কৰণ খাল গাঁৱৰ কৃষক তথা গঞা। তেওঁলোকে উদঙীয়া গৰুৰ পালটোক নি স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ চৌহদ ভৰাই থয়। ইয়াৰ পাছতে গৰুৰ পালটোৱে বিদ্যালয়খনৰ চৌহদটো ক্ষতি কৰাৰ লগতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশো বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

বিষয়টোৱে আৰক্ষীৰ থানা পায়গৈ। ইয়াৰ পাছতে প্ৰায় ৪৬ গৰাকীৰ গঞাৰ বিৰুদ্ধে গৰু পালটো বিদ্যালয়খনৰ চৌহদ ভৰাই অত্যাচাৰ কৰাৰ অভিযোগত উক্ত আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়।

ইফালে গঞাই দাবী কৰিছে যে উদঙীয়া গৰুসমূহ নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় প্ৰশাসনক বাৰম্বাৰ দাবী কৰি অহা হৈছিল। প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ বাবেই গঞাই এনে পদক্ষেপ ল’বলৈ বাধ্য হৈ পৰে।

ইপিনে ৰাজ্যখনৰ সম্ভল জিলাতো তদ্ৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে। উদঙীয়া গৰুৱে পথাৰৰ শস্য নষ্ট কৰাৰ বিৰুদ্ধে জিলাখনৰ ধনীপুৰৰ মীৰাট-বদৌন ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় ৩০ মিনিট ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পাছতে আৰক্ষীয়ে ৬৩ গৰাকী গঞাৰ বিৰুদ্ধে আৰক্ষীয়ে পথ অৱৰোধ কৰি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ গোচৰ ৰুজু কৰিছে।

দেখা গৈছে যে কৃষকক উদঙীয়া গৰুৰ পৰা কৃষকৰ শস্য পথাৰ ৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ হৈছে যোগী আদিত্যনাথৰ চৰকাৰ। বৰং তাৰ কৰাৰ বিপৰীতে ভুক্তভোগী কৃষকৰ ওপৰত জাপি দিয়া হৈছে গোচৰ। ৰাজ্যখনত গো-সুৰক্ষা আইন বলৱৎ কৰাৰ পাছৰে পৰা এই সমস্যাই গুৰুতৰ ৰূপ লোৱা দেখা গৈছে।

সেয়ে ধাৰণা কৰা হৈছে উত্তৰ প্ৰদেশত গো-সুৰক্ষা আইনে কৃষকৰ বাবে অন্য এক গুৰুতৰ সংকটৰহে সৃষ্টি কৰিছে। অৰ্থাৎ চৰকাৰে বলৱৎ কৰা এই আইনে উত্তৰ প্ৰদেশৰ কৃষকৰ কঁকাল প্ৰায় ভাঙি পেলাইছে।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd