• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গো-সুৰক্ষা আইনৰ ছাইড এফেক্ট! যোগী ৰাজ্যত ‘গো-মাতা’ৰ তাণ্ডৱ

জনতা বাদেই, চকুৰে সৰিয়হ ফুল দেখিছে ‘গো-ৰক্ষক’ যোগী চৰকাৰেও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2023 7:57 am
stray cattle in UP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গো-সুৰক্ষাৰ মন্ত্ৰ আওৰোৱা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত এতিয়া মূৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে খোদ গো-মাতা! ৰাজ্যৰ সাধাৰণ লোক বাদেই, গো-মাতাৰ তাণ্ডৱত এতিয়া ত্ৰাহি মধুসূদন দেখিছে চৰকাৰ তথা আৰক্ষী-প্ৰশাসনেই। গৰুৰ বাবেই আৰক্ষী থানা পালেগৈ প্ৰায় দুই ডজন লোক।

শুনিবলৈ আচৰিত হ’লেও এয়াই সঁচা। উত্তৰ প্ৰদেশত এতিয়া গৰু হৈ পৰিছে ৰাজ্যখনৰ বাবে এক জলন্ত সমস্যা। ৰাজ্যখনত উদঙীয়া গৰুৱে শস্য নষ্ট কৰি কেৱল গঞাকে ঘটিয়ে ঘটিয়ে পানী খুওৱা নাই, টোপনি সৰি নিছে আৰক্ষীৰো। গ্ৰামাঞ্চলৰ শিক্ষানুষ্ঠান চৌহদ তহিলং কৰিছে, বিনষ্ট কৰিছে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ।

Apply Now

বিগত কেইবাবছৰো ধৰি উত্তৰ প্ৰদেশত উদঙীয়া গৰুৰ সন্ত্ৰাসে কৃষকৰ টোপনি হৰণ কৰি আহিছে। নিশাটোৰ ভিতৰতে গৰাকী নথকা এই উদঙীয়া গৰুবোৰে কৃষকৰ শস্যক্ষেত্ৰ নষ্ট কৰি আহিছে। এই উদঙীয়া গৰুৰ পৰা শস্য ৰক্ষা কৰিবলৈ কৃষকে উৰে ৰাতি প্ৰচণ্ড ঠাণ্ডা নেওচি পথাৰত পহৰা দিবলগীয়াও হৈছে।

উত্তৰ প্ৰদেশৰ যোৱা বিধানসভা নিৰ্বাচনত উদঙীয়া গৰুৰ সমস্যাটোৱে গুৰুত্বপূৰ্ণ ইছ্যু হিচাপে পৰিগণিত হৈছিল। যোগী আদিত্যনাথে উত্তৰ প্ৰদেশত দ্বিতীয়বাৰ শাসনলৈ আহিলে কৃষকক এই সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। বিজেপিয়ে আশ্বাস দিছিল যে কৃষকৰ শস্য নষ্ট কৰা উদঙীয়া গৰুৰ সমস্যাটো তেওঁৰ চৰকাৰে সমাধান কৰিব।

পিছে দ্বিতীয়বাৰ শাসনলৈ আহিও এই সমস্যা সমাধান কৰাত চূড়ান্ত ব্যৰ্থ হৈছে যোগী চৰকাৰ। এই উদ্ভট সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰা বাদেই, ইয়াৰ বিপৰীতে ভুক্তভোগী কৃষকসকল সন্মুখীন হৈছে ইটোৰ পিছত সিটো গোচৰৰহে। জীৱ-জন্তু অত্যাচাৰৰ নামত অৰ্ধশতাধিক কৃষকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ

ইফালে ইয়াৰ মাজতে উদঙীয়া গৰুকলৈ ঘটিল অন্য এক ঘটনা। উদঙীয়া গৰুৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে গঞাৰ বিৰুদ্ধে। যোৱা ৮ জানুৱাৰীত ৪৬ গৰাকী গঞাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ হাছানপুৰ থানাত জীৱ-জন্তুৰ ওপৰত ক্ৰুৰতা প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে এপাল উদঙীয়া গৰুৰ সন্ত্ৰাসত সন্ত্ৰষ্ট হৈ পৰিছিল কৰণ খাল গাঁৱৰ কৃষক তথা গঞা। তেওঁলোকে উদঙীয়া গৰুৰ পালটোক নি স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ চৌহদ ভৰাই থয়। ইয়াৰ পাছতে গৰুৰ পালটোৱে বিদ্যালয়খনৰ চৌহদটো ক্ষতি কৰাৰ লগতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশো বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

বিষয়টোৱে আৰক্ষীৰ থানা পায়গৈ। ইয়াৰ পাছতে প্ৰায় ৪৬ গৰাকীৰ গঞাৰ বিৰুদ্ধে গৰু পালটো বিদ্যালয়খনৰ চৌহদ ভৰাই অত্যাচাৰ কৰাৰ অভিযোগত উক্ত আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়।

ইফালে গঞাই দাবী কৰিছে যে উদঙীয়া গৰুসমূহ নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় প্ৰশাসনক বাৰম্বাৰ দাবী কৰি অহা হৈছিল। প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ বাবেই গঞাই এনে পদক্ষেপ ল’বলৈ বাধ্য হৈ পৰে।

ইপিনে ৰাজ্যখনৰ সম্ভল জিলাতো তদ্ৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে। উদঙীয়া গৰুৱে পথাৰৰ শস্য নষ্ট কৰাৰ বিৰুদ্ধে জিলাখনৰ ধনীপুৰৰ মীৰাট-বদৌন ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় ৩০ মিনিট ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পাছতে আৰক্ষীয়ে ৬৩ গৰাকী গঞাৰ বিৰুদ্ধে আৰক্ষীয়ে পথ অৱৰোধ কৰি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ গোচৰ ৰুজু কৰিছে।

দেখা গৈছে যে কৃষকক উদঙীয়া গৰুৰ পৰা কৃষকৰ শস্য পথাৰ ৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ হৈছে যোগী আদিত্যনাথৰ চৰকাৰ। বৰং তাৰ কৰাৰ বিপৰীতে ভুক্তভোগী কৃষকৰ ওপৰত জাপি দিয়া হৈছে গোচৰ। ৰাজ্যখনত গো-সুৰক্ষা আইন বলৱৎ কৰাৰ পাছৰে পৰা এই সমস্যাই গুৰুতৰ ৰূপ লোৱা দেখা গৈছে।

সেয়ে ধাৰণা কৰা হৈছে উত্তৰ প্ৰদেশত গো-সুৰক্ষা আইনে কৃষকৰ বাবে অন্য এক গুৰুতৰ সংকটৰহে সৃষ্টি কৰিছে। অৰ্থাৎ চৰকাৰে বলৱৎ কৰা এই আইনে উত্তৰ প্ৰদেশৰ কৃষকৰ কঁকাল প্ৰায় ভাঙি পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd