শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা নতুনকৈ কৃষি আইনৰ বিৰোধিতা কৰি দেশ জুৰি আৰম্ভ হোৱা কৃষক বিদ্ৰোহৰ সৰ্মথনত আজি বোকাখাততো এক কৃষক সংহতি যাত্ৰা অনুষ্ঠিত হয় ৷
জীপাল কৃষক-শ্রমিক সংঘৰ উদ্যোগত আয়োজিত এই যাত্ৰাত বোকাখাতৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কৃষক আৰু শ্ৰমিকে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰুদ্ধী নীতিৰ প্ৰতিবাদ জনায়৷
জীপাল কৃষক-শ্রমিক সংঘৰ নেতা সোনেশ্বৰ নৰহ, প্ৰণৱ দলে আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ বলো বৰাই নেতৃত্ব দিয়া আজিৰ এই প্ৰতিবাদী কাৰ্যসুচীত সৰ্বভাৰতীয় কৃষক সংঘর্ষ সমন্বয় সমিতি, কৃষক মুক্তি সংগ্রাম সমিতি, নিখিল ভাৰত কৃষক সভা, কৃষক মহাসভা-অসম , সদৌ অসম খেতিয়ক সন্থা, অনুসূচীত জাতি ছাত্র সন্থা আৰু আদিবাসী ছাত্র সন্থাৰ লগতে শতাধিক কৃষকে অংশগ্ৰহণ কৰে৷
কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰােধী আইন বাতিল কৰা, ভূমি জৰীপ আৰু পট্টা প্রদান কৰা, দেশৰ কৃষিভূমি পুঁজিপতিক গতাই দিয়াৰ চক্রান্ত বন্ধ কৰা, কাজিৰঙাৰ সংযােজনৰ নামত থলুৱা কৃষকৰ ভূমি অধিগ্রহন বন্ধ কৰা, কৃষকৰ উৎপাদিত ফচলৰ সমর্থন মূল্য ঘােষণা কৰা আদি দাবীৰে কৃষকসকলে কৃষক সংহতি যাত্ৰাৰে সমদল কৰি বোকাখাত নগৰ পৰিভ্ৰমণ কৰি বিভিন্ন শ্ল’গান আৰু বিদ্ৰোহী গীতে মাতে পৰিৱেশ উত্তাল কৰি তোলে৷