কৃষকৰ প্ৰতিবাদৰ সন্মুখত বেৰিকেড-কন্দুৱা গেছ ব্যৰ্থ; কেন্দ্ৰৰ সৈতে আজি পুনৰ বৈঠক

ফটোঃ সংগ্ৰহীত।

বেৰিকেড, পানীৰ কামানৰ পৰা আৰম্ভ কৰি ছ’নিক বুমলৈকে ব্যৱহাৰ কৰিও কৃষকসকলৰ প্ৰতিবাদ ৰুদ্ধ কৰিব পৰা নাই। দিল্লীত চলো অভিযানক লৈ দৃঢ় কৃষকসকল। মঙলবাৰেই পঞ্জাৱ-হাৰিয়ানা সীমান্তত প্ৰতিবাদী কৃষকৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ হয়। কৃষকসকলে ট্ৰেক্টৰেৰে বেৰিকেড ভাঙে, আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীৰ কামানো ব্যৱহাৰ কৰে।

সূত্ৰসমূহৰ মতে আজি বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰিব কৃষক সংগঠনৰ প্ৰতিনিধি দলটোৱে। তাৰপিছতহে আন্দোলনৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া নিৰ্ণয় কৰা হ’ব।

লগতে পঢ়কঃ ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে কথা ক’লেই জব্দ কৰা হ’ব সম্পত্তি; ডিক্রীত স্বাক্ষৰ কৰিলে পুটিনে

ন্যুনতম সমৰ্থিত মূল্য (এম এছ পি)ৰ নিশ্চয়তাৰ আইনকে ধৰি কেইবাটাও দাবীৰে কৃষকসকলে আন্দোলন আৰম্ভ কৰিছে। মঙলবাৰে আছিল তেওঁলোকৰ দিল্লী চলো অভিযান। কিন্তু পঞ্জাৱ-হাৰিয়ানা সীমান্তত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তেওঁলোকক ৰখাই দিয়া হয়। আহত হয় ৬০ জন লোক।

তথাপি আন্দোলন বন্ধ নহ’ল। বুধবাৰেও শম্ভু সীমান্তত দেখা গ’ল ট্ৰেক্টৰ-ট্ৰলীৰ অতি দীঘলীয়া শাৰী। বুধবাৰে প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙিব নোৱাৰাৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে।

দিল্লীৰ কাষ চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজধানীত কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। সীমান্তত যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। একাধিক পথ সলনি কৰা হৈছে।

লগতে পঢ়কঃমৰ্মান্তিক! কেলিফৰ্ণিয়াত ঘৰৰ পৰা উদ্ধাৰ ভাৰতীয় দম্পতী আৰু দুই নাবালক শিশুৰ মৃতদেহ

ইপিনে, সূত্ৰ অনুসৰি আজি পুনৰ কেন্দ্ৰৰ সৈতে বৈঠকত বহিব পাৰে কৃষকসকলে। কৃষক পক্ষৰ প্ৰতিনিধিসকলক কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। চলিত সপ্তাহত তৃতীয়বাৰৰ বাবে বৈঠকত মিলিত হ’বলৈ আগবাঢ়িছে কৃষকসকলে। এতিয়া তেওঁলোকৰ এম এছ পিৰ দাবী পূৰণ হয় নে নহয় সেয়া হ’ব লক্ষ্যণীয়।