• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

T-20 World Cup: অনবদ্য সূৰ্য-বুমৰাহ! আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ এইট অভিযান আৰম্ভ কৰিলে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2024 7:29 am
ফটো সৌজন্যঃ আইচিচি।

ফটো সৌজন্যঃ আইচিচি।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশা কৰা মতেই ভাৰতে আফগানিস্তানক পৰাস্ত কৰি ছুপাৰ এইট অভিযান আৰম্ভ কৰিলে। স্ক’ৰব’ৰ্ডত ডাঙৰ ৰান নথকাৰ পাছতো ৰোহিত বাহিনীয়ে মূলতঃ বুমৰাহৰ দমনীয় বলিং শক্তিৰে আফগানিস্তানৰ বেটিঙক চাপত ৰাখি সহজ জয় কাঢ়ি আনে৷

টছত জয়ী হৈ ৰোহিত শৰ্মাই বেটিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু মেচখনৰ তৃতীয় অভাৰৰ পঞ্চম বলত যেতিয়া তেওঁ আউট (৮) হৈছিল, তেতিয়া স্ক’ৰব’ৰ্ডত আছিল মাত্ৰ ১১ ৰান। ধাৰণা হৈছিল প্ৰথমে বেটিং নকৰাটোৱেই ভাল আছিল! কিন্তু পন্থে আহি খৰধৰকৈ খেলখন ঘূৰাবলৈ আৰম্ভ কৰিলে। কিন্তু ভাল আৰম্ভণিৰ অন্তত তেওঁ ৰিভাৰ্ছ ছুইপ (২০, ৪x৪) মাৰিবলৈ গৈ উইকেটটো হেৰুৱালে।

আই পি এলত প্ৰচুৰ ৰান সংগ্ৰহ কৰিলেও বিৰাট কোহলীয়ে এই প্ৰতিযোগিতাত এতিয়াও ৰান কৰিব পৰা নাই। ছুপাৰ এইটৰ মেচ আৰম্ভ হোৱাৰ লগে লগে তেওঁ পুনৰ ফৰ্মলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল। এই বিশ্বকাপত তেওঁৰ বেটৰ পৰা এই খেলখনত প্ৰথম ছয়টো পোৱা গ’ল। কিন্তু শেষত ২৪ ৰান কৰি লং অফত উঠাই মাৰিবলৈ গৈ ধৰা পৰে। কোহলীৰ ষ্ট্ৰাইৰ ৰেটো আছিল এশ শতাংশ।

Apply Now
ফটো সৌজন্যঃ আইচিচি।

শিৱম ডুবে (১০) আউট হোৱাৰ পাছত সূৰ্যকুমাৰ আৰু পাণ্ডিয়াই ভাল বেটিং কৰে। সূৰ্য্যই ৩৬০ ডিগ্ৰীলৈ যোৱা নাছিল যদিও অন ছাইডৰ সৰু বাউণ্ডেৰীৰ সুবিধা ল’বলৈ স্মাৰ্ট ছুইপ লৈছিল। তেওঁক বৰ পৰিপক্ক যেন দেখা গৈছিল। কিন্তু ঠিক যেতিয়া তেওঁৰ ভয়ংকৰ হৈ উঠিছিল, তেতিয়াই তেওঁ পুনৰ ৫৩ (৩x৬, ৫x৪) আউট হৈ গৈছিল।

তথাপি এনে লাগিছিল যেন হাৰ্দিকে ভালকৈয়ে ফিনিছ কৰিব। কিন্তু তেওঁৱো (৩২) পিছৰ অভাৰত আউট হৈ উভতি গ’ল। খেল তেতিয়া শেষৰ দিশে। অক্ষৰ পেটেলে ৬টা বলত ১২ ৰান সংগ্ৰহ কৰি দলীয় স্কোৰ ১৮১ ৰানলৈ বৃদ্ধি কৰে। আফগান বলাৰসকলৰ ভিতৰত ৰছিদ খান (২৬/৩) আৰু ফাৰুকীয়ে (৩৩/৩) তিনিটাকৈ উইকেট দখল কৰি ভাৰতীয় বেটিংক ডাঙৰ আঘাত দিয়ে।

ফটো সৌজন্যঃ আইচিচি।

আফগানিস্তানৰ আৰম্ভণি আছিল আচৰিত ধৰণৰ। প্ৰথম অভাৰৰ একেবাৰে প্ৰথম বলটোতে গুৰবাজে অৰ্শদীপৰ মূৰৰ ওপৰেৰে বল তুলি মাৰে। বাউণ্ডেৰীৰ আগতে এবাৰ মাটি স্পৰ্শ কৰি বাউণ্ডেৰীৰ বাহিৰলৈ ওলাই গ’ল বলটো। পঞ্চম বলত তেওঁ যুৱ পেচাৰজনৰ বল একেবাৰে মিড উইকেটৰ ওপৰেৰে বাহিৰত পেলাই দিয়ে। কিন্তু পৰৱৰ্তী অভাৰতে বুমৰাহ আহি ধোকে ধোকে পানী খুৱালে। গতিৰ কৌশলেৰে  গুৰবাজ (১১)ক ধৰাশায়ী কৰিলে।

ফটো সৌজন্যঃ আইচিচি।

তেতিয়াই ভাৰতে চাপ দি ধৰিলে আৰু আফগান বেটছমেনে সেই চাপ কাটি উঠিব নোৱাৰিলে। কিন্তু সচৰাচৰ হোৱাৰ দৰেই বুমৰাহ বলাৰসকলৰ ভিতৰত আটাইতকৈ বিধ্বংসী আছিল। তেওঁ ৪ অভাৰত এটা অভাৰ মেডেনসহ ৭ ৰান দি তিনিটা উইকেট দখল কৰে। অৰ্শদীপেও লাভ কৰে তিনিটা উইকেট। দুটা উইকেট লয় কুলদীপে। মুঠতে ভাৰতীয় বলাৰসকলে আফগানিস্তানক কেতিয়াও পুনৰ যুঁজলৈ ঘুৰি আহিববলৈ নিদিলে।

আফগানিস্তানৰ আজমাতুল্লাহ ওমৰজাই (২৬)ৰ বাহিৰেও কোনো বেটছমেনে বিশৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলে। ফলত ৰোহিত বাহিনীয়ে ৪৭ ৰাণত সহজে জয় আজুৰি অনাত কোনো অসুবিধা নাপালে।

ফটো সৌজন্যঃ আইচিচি।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৮১/৮ (সূৰ্যকুমাৰ ৫৩, পাণ্ডিয়া ৩২, ৰছিদ খান ২৬/৩, ফাৰুকী ৩৩/৩)

আফগানিস্তানঃ ১৩৪ (আজমাতুল্লাহ ওমৰজাই ২৬, বুমৰাহ ৭/৩, অৰ্শদীপ ৩৬/৩)

ভাৰতে ৪৭ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd