NORTHEAST NOW (Assamese)

কৃষকৰ প্ৰতিবাদক দমন কৰা সম্ভৱ নহয়; মেঘালয়ৰ ৰাজ্যপালৰ মন্তব্য

February 5, 2021 4:32 pm · এন ই নাও নিউজ

দিল্লী সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদ সম্পৰ্কত মত ব্যক্ত কৰিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে।

সত্যপাল মালিকে কৃষকৰ প্ৰতিবাদ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কৃষকৰ প্ৰতিবাদক দমন কৰাটো সম্ভৱ নহয় বুলি কয়।

দিল্লী সীমান্তত হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে নতুন কৃষি আইন বাতিল কৰাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে।

‘‘যিমান সোনকালে পাৰি আলোচনাৰ মাধ্যমেৰে বিষয় সমূহ নিষ্পত্তিৰ প্ৰয়োজন কাৰণ দমনেৰে বিদ্ৰোহ বা আন্দোলনৰ নিশেষ নহয়,’’ ৰাজ্যপাল গৰাকীয়ে লগতে কয়।

ইয়াৰোপৰি মালিকে কৃষকৰ প্ৰতিবাদক দেশৰ চুকে কোণে বিয়পি পৰিব বুলি উল্লেখ কৰি এই বিদ্ৰোহ স্থানীয় বিদ্ৰোহ হৈ নাথাকিব বুলিও মত প্ৰকাশ কৰে।

মেঘালয়ৰ ৰাজ্যপাল গৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক এই প্ৰতিবাদৰ শীঘ্ৰে সমাধান উলিওৱাৰ বাবেও আহ্বান জনায়।

প্ৰতিবাদী কৃষক সকলৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰাৰ বাবেও সত্যাপল মালিকে চৰকাৰক কয়।

Related News