কৃষি আইনবিৰোধী প্ৰতিবাদৰ ৬ মাহ : দিল্লী-পাঞ্জাৱত ক’লা দিৱস পালন প্ৰতিবাদী কৃষকৰ

কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইন তিনিখনৰ প্ৰতিবাদৰ ৬ মাহৰ পূৰ্তি উপলক্ষে আজি দিল্লী আৰু পাঞ্জাৱত প্ৰতিবাদী কৃষকসকলে সমদলৰ কাৰ্যসূচী লয়।

সমদলটোত চৰকাৰবিৰোধী ধ্বনি দদিয়া হয়।

কৃষক সংগঠনসমূহৰ আহ্বানমৰ্মে পাঞ্জাৱৰ বহু ঠাইত কৃষকসকলে নিজৰ বাসগৃহতে ক’লা পতাকা প্ৰদৰ্শন কৰে।

দিল্লীৰ সিংঘু, ঘাজিপুৰ আৰু টিকৰীত কৃষকসকলে চৰকাৰী নেতাসকলৰ প্ৰতিকৃতি দাহ কৰে।

উল্লেখযোগ্য যে যোৱা মঙলবাৰৰ পৰাই সিঘু, টিকৰি আৰু ঘাজিপুৰত আৰক্ষী বাহিনী উপস্থিত আছিল।

ঘাজীপুৰ বৰ্ডাৰত কৃষক নেতা ৰাকেশ টিকাইতৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিকৃতি দাহ কৰা হয়।

প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বিক্ষিপ্তভাৱে সংঘাতৰো সূচনা হয়।

আনহাতে, ক’ভিড প্ৰট’কলৰ মাজেৰে প্ৰতিবাদ সাব্যষ্ট কৰাৰ বিষয়টোত কৃষক নেতাসকলে কয় যে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে তেওঁলোক ক্ষান্ত নহয়।

কৃষক নেতা মেহমাই কয় যে এই মহামাৰিৰ সময়ছোৱাত চৰকাৰে কৃষি আইন তিনিখন উপস্থাপনেই কৰিব নালাগিছিল।

উল্লেখযোগ্য যে আজিৰ প্ৰতিবাদটোক ‘ক’লা দিৱস’ হিচাপে বিৰোধী দল কংগ্ৰেছ, আকালি দদল আৰু আম আদমী পাৰ্টিয়ে সমৰ্থন কৰিছে।